ক্রমাগত দ্বিতীয় জয় চেন্নাই ছুপাৰ কিংছৰ; ৪৫ ৰানত পৰাস্ত ৰাজস্থান
নিয়মীয়া বাৰ্তা, ২০ এপ্ৰিলঃ চেন্নাই ছুপাৰ কিংছে চলিত আই পি এলত ক্রমাগত দ্বিতীয়টো জয়ৰ সোৱাদ লাভ কৰিছে৷ সোমবাৰে মুম্বাইত অনুষ্ঠিত মেচখনত চেন্নায়ে ৰাজস্থান ৰয়েলছক ৪৫ ৰানত পৰাস্ত কৰে৷ মেচখনত ধোনী বাহিনীয়ে জয়ৰ বাবে বান্ধি দিয়া ১৮৯ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি বাটলাৰৰ ৪৯ ৰানৰ সহায়ত ৰাজস্থানে ৯ উইকেটত ১৪৩ ৰানহে কৰে৷ উনাডকাটে ২৪, টেৱাটিয়াই ২০, ডুবেই ১৭ আৰু মাননে ১৪ ৰান কৰাৰ বাহিৰে বাকীসকল বেটছমেন দহকৰ ঘৰ স্পর্শ কৰাত ব্যর্থ হয়৷ ৰিয়ান পৰাগে মাত্র তিনি ৰানহে কৰে৷
চেন্নাইৰ হৈ মঈন আলীয়ে তিনিটা, জাদেজা আৰু কৰন উভয়ে দুটাকৈ তথা ছার্দুল আৰু ব্রেভো উভয়ে এটাকৈ উইকেট লয়৷ ইয়াৰ পূর্বে প্রথমে বেটিং কৰিবলৈ আহি চেন্নায়ে নির্ধাৰিত ২০ অভাৰত ৯টা উইকেটত ১৮৮ ৰান কৰে৷ ৰাজস্থানৰ বলাৰৰ সুনিয়ন্ত্রিত বলিঙৰ সন্মুখত চেন্নাইৰ কোনো এজন বেটছমেনে দীঘলীয়া ইনিংছ খেলাত ব্যর্থ হয়৷ ফাফ ডু প্লেচিছে সর্বাধিক ৩৩ ৰান কৰাৰ লগতে অম্বাটি ৰাইডুৱে ২৭, মঈন আলীয়ে ২৬ আৰু ডুৱেইন ব্রেভোই অপৰাজিতভাৱে ২০ ৰান কৰে৷ সুৰেশ ৰাইনাই ১৮, ৰবীন্দ্র জাদেজাই ৮ আৰু অধিনায়ক ধোনীয়ে ১৮ ৰান কৰি পেভিলিয়নমুখী হয়৷ ৰাজস্থানৰ হৈ চেতন চাকাৰিয়াই সর্বাধিক তিনিটা উইকেট লাভ কৰিবলৈ সক্ষম হয়৷