নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ফাইনেলৰ পৰা বাহিৰ ডেভন কনৱে’

নিয়মীয়া বাৰ্তা, ১৩ নৱেম্বৰঃ টি–২০ বিশ্বকাপৰ ফাইনেলত অহা দেওবাৰে ইংলেণ্ডৰ মুখামুখি হোৱাৰ পূর্বে মোক্ষম আঘাতৰ সন্মুখীন হৈছে নিউজিলেণ্ড৷ ইংলেণ্ডক হৰুৱাই ফাইনেলত প্রৱেশ কৰা কিৱি দলটোৰ উইকেটৰক্ষক বেটছমেন ডেভন কনৱে’ ফাইনেলৰ পৰা বাহিৰ হৈছে৷ ছেমিফাইনেলত আউট হোৱাৰ পিছত হতাশ হৈ হাতেৰে বেটত খুন্দিয়াই দিয়াৰ ফলত তেওঁ সোঁহাতৰ আঙুলিত আঘাত পায় আৰু অতিকমেও এক মাহৰ বাবে খেলপথাৰৰ পৰা আঁতৰি থাকিব লাগিব৷

ভাৰতৰ বিৰুদ্ধে অহা ১৭ নৱেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া শৃংখলাৰ পৰাও বেটছমেনগৰাকী বাহিৰ হৈছে৷ নিউজিলেণ্ডৰ মুখ্য প্রশিক্ষক গেৰী ষ্টিডে আজি এই কথা প্রকাশ কৰিছে৷ উল্লেখ্য যে নিউজিলেণ্ডৰ জয়ত মুখ্য ভূমিকা গ্রহণ কৰি কনৱে’ই ছেমিফাইনেলত মূল্যৱান ৪৬ ৰান সংগ্রহ কৰিছিল৷

You might also like