নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰথম পত্নী থাঁকোতেই দ্বিতীয় বিবাহত বহিব অৰুণ লাল, কিয় জানেনে

বিশেষ বাৰ্তা, ২৩ এপ্ৰিলঃ ৬৬ বছৰ বয়সত পুনৰ বিবাহত বহিব অৰুণ লাল। অহা ২ মে’ত কলকাতাতে বিয়া পাতিব প্ৰাক্তন ক্ৰিকেটাৰ তথা সম্প্ৰতি বংগ ক্ৰিকেট দলৰ প্ৰশিক্ষকগৰাকীয়ে। বহুদিনৰ পৰা তেওঁৰ সম্পৰ্ক আছিল বুলবুল সাহাৰ সৈতে। বুলবুলৰ বয়স ৩৭। উল্লেখ্য যে, অৰুণ লালৰ প্ৰথম পত্নী ৰীণা অসুস্থ। এতিয়াও তেওঁৰ সৈতে বিচ্ছেদো হোৱা নাই। এই কথা ভলদৰে জানে বুলবুলে। ৰীনাৰ শুশ্রুষাৰ দায়িত্বও লৈছে বুলবুলে। জানিব পৰা মতে, অসুস্থ পত্নীক সহায় কৰিবলৈয়ে দ্বিতীয় বিবাহত বহিব প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে। প্ৰথম পত্নীৰ অনুমতি লৈ বুলবুলৰ সৈতে নতুন ইনিংছ আৰম্ভ কৰিব বিচাৰিছে। উল্লেখনীয় যে, ২০১৬ চন আৰম্ভণিতে কৰ্কট ৰোগত আক্ৰান্ত হৈছিল অৰুণ লাল।

You might also like