ফ্লেছবেক ২০২০: চলিত বৰ্ষত পিতৃ হ’ল এই ৮ গৰাকী ক্ৰিকেটাৰ, চাওক কোন কোন…
ছাহিদ আফ্রিদি
পাকিস্তানৰ ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক ছাহিদ আফ্রিদি এই তালিকাৰ শীৰ্ষত আছে। এই বছৰতে, পঞ্চমবাৰলৈ হ’ল পিতৃ ছাহিদ আফ্রিদি। এই বছৰৰ ফেব্ৰুৱাৰী মাহত ছাহিদ আফ্রিদিয়ে তেওঁৰ পিতৃ হোৱাৰ কথা ঘোষণা কৰে। উল্লেখ্য যে ছাহিদ আফ্রিদিৰ আটাইকেইগৰাকীয়ে কন্যা সন্তান।
হাৰ্ডিক পাণ্ডিয়া
ভাৰতীয় ক্ৰিকেট দলৰ অলৰাউণ্ডাৰ হাৰ্ডিক পাণ্ডিয়াই এই বছৰ বলীউডৰ অভিনেত্ৰী নাতাচা ষ্টেনকভিচক বিয়া কৰাইছিল। তাৰপাছতেই তেওঁ বিগত ৩০ জুলাইত লৰা সন্তানৰ পিতৃ হৈছিল। হাৰ্ডিকে তেওঁৰ সন্তানৰ নাম দিছিল অগস্ত্য। তেওঁ সন্তানৰ এখন ছবি সামাজিক মাধ্যমত পোষ্ট কৰি লিখিছে, “আমি আজিৰ পৰা পিতৃ-মাতৃ হ’লো।
সুৰেশ ৰাইনা
ভাৰতীয় ক্ৰিকেটদলৰ পূৰ্বৰ খেলুৱৈ সুৰেশ ৰাইনাও এই তালিকাত আছে। তেওঁৰ পত্নী প্ৰিয়ংকাই ২৩ মাৰ্চত এটা সন্তান জন্ম দিছিল। ৰাইনাই তেওঁৰ সন্তানৰ নাম ৰাখিছে নাম ৰাখিছে ৰিঅ’। ২০১৬ চনত তেওঁলোকে এটা কন্যাসন্তান জন্ম দিছিল।
ফফ ডু প্লেছিচ
দক্ষিণ আফ্ৰিকাৰ পূৰ্বৰ কেপ্টেইন ফফ ডু প্লেছিছে প্ৰতিবছৰেই আই পি এলত চেন্নাই চুপাৰ কিংছ দলৰ হৈ দুৰ্দান্ত প্ৰদৰ্শন কৰি আহিছে। ২০ আগষ্টত তেওঁ দ্বিতীয়বাৰৰ বাবে পিতৃ হয়। তেওঁৰ পত্নী এমেৰীয়ে দ্বিতীয় সন্তানৰ জন্ম দিছিল।
অম্বাতি ৰায়াডু
ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন ক্ৰিকেটাৰ অম্বাতি ৰায়াডু এই তালিকাত আছে। ১৩ জুলাইত তেওঁৰ পত্নী চেণুপলি বিদ্যাই এটা কন্যাসন্তান জন্ম দিছিল। ৰায়াডুৱে তেওঁৰ নৱজাতক কন্যাৰ ফটো সামাজিক মাধ্যমত তেওঁৰ পত্নীৰ সৈতে পোষ্ট কৰিছিল আৰু তেওঁৰ সুখ প্ৰকাশ কৰে।
জো ৰুট
ইংলেণ্ড টেষ্ট ক্ৰিকেট দলৰ অধিনায়ক জো ৰুট এই বছৰৰ ৭ জুলাইত দ্বিতীয়বাৰ কন্যাৰ পিতৃ হয়। ৮ জুলাইত ৰুটে তেওঁৰ নিজৰ সামাজিক মাধ্যমৰ জৰিয়তে এই বাতৰি ৰাজহুৱা কৰে। সেই ফটোত তেওঁ দুই সন্তানৰ ছবি আপল’ড কৰিছিল।
ঋদ্ধিমান সাহা
এই বছৰ পিতৃ হৈছে বংগৰ ক্ৰিকেটাৰ আৰু ৰাষ্ট্ৰীয় টেষ্ট ক্ৰিকেট দলৰ উইকেটকীপাৰ ঋদ্ধিমান সাহা। এই বছৰৰ মাৰ্চ মাহত তেওঁ পিতৃ হৈছিল। তেওঁৰ পত্নী ৰোমিয়ে এটি পুত্ৰ সন্তান জন্ম দিছিল। তেওঁ ছ’চিয়েল মিডিয়াৰ জৰিয়তে এই বাতৰি ৰাজহুৱা কৰিছিল।
এ বি ডি ভিলিয়াৰ্চ
দক্ষিণ আফ্ৰিকাৰ পূৰ্বৰ কেপ্টেইন এ বি ডি ভিলিয়াৰ্ছ বিগত মাহৰ ১১ তাৰিখে পিতৃ হৈছে। ইয়াক লৈ তেওঁ তৃতীয়বাৰলৈ পিতৃ হোৱাৰ গৌৰৱ অৰ্জন কৰিছে। তেওঁৰ পত্নীয়ে এটা কন্যসন্তানৰ জন্ম দিছিল। নাম ৰাখিছে ইয়েণ্ডে ডি’ভিলেৰেছ।