কাটাৰ বিশ্বকাপ ফুটবল প্রতিযোগিতাঃ অন্তিমটো দল হিচাপে যোগ্যতা অর্জন ক’ষ্টাৰিকা
নিয়মীয়া বাৰ্তা, ১৬ জুনঃ অন্তিমটো দল হিচাপে কাটাৰ বিশ্বকাপ ফুটবল প্রতিযোগিতালৈ যোগ্যতা অর্জন কৰিলে ক’ষ্টাৰিকাই৷ মঙলবাৰে নিশা ডোহাৰ আল ৰায়ান ষ্টেডিয়ামত অনুষ্ঠিত আন্তঃমহাদেশীয় প্লে অফৰ মেচখনত ক’ষ্টাৰিকাই তুমুল প্রতিদ্বন্দ্বিতাৰ অন্তত নিউজিলেণ্ডক ১–০ গ’লত পৰাস্ত কৰি কাটাৰত ২১ নৱেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া বিশ্বকাপ ফুটবল প্রতিযোগিতাখনলৈ যোগ্যতা অর্জন কৰে৷ ক’ষ্টাৰিকাই কাটাৰ বিশ্বকাপৰ গ্রুপ ‘ই’ত প্রাক্তন বিশ্ব চেম্পিয়ন জার্মানী, স্পেইন আৰু জাপানৰ সৈতে স্থান লাভ কৰিছে৷ যোৱা নিশাৰ বিজয় অপৰিহার্য মেচখনত ক’ষ্টাৰিকাৰ জয়ৰ মূলতে আছিল জ’য়েল কেম্পবেলৰ দর্শনীয় গ’ল মেচখনৰ তিনি মিনিটতে কেম্পবেলে গ’ল স্ক’ৰ কৰি ক’ষ্টাৰিকাক গুৰুত্বপূর্ণ অগ্রগতি প্রদান কৰিছিল৷ অৱশ্যে পৰৱর্তী সময়ত নিউজিলেণ্ডে গ’লটো পৰিশোধ কৰাৰ বাবে আপ্রাণ চেষ্টা চলাইছিল যদিও শেষ মুহূর্তলৈকে ক’ষ্টাৰিকাৰ ৰক্ষণ বিভাগক ভেদ কৰিবলৈ সক্ষম নহ’ল৷ উল্লেখ্য যে ক’ষ্টাৰিকাই ষষ্ঠবাৰৰ বাবে ফিফা বিশ্বকাপ ফুটবল প্রতিযোগিতাত প্রতিদ্বন্দ্বিতা আগবঢ়াব৷ ইফালে নিউজিলেণ্ডে ইয়াৰ পূর্বে ১৯৮২ আৰু ২০১০ চনৰ বিশ্বকাপলৈ যোগ্যতা অর্জন কৰাত ব্যর্থ হৈছিল৷