চলিত বর্ষত টি–২০ বিশ্বকাপৰ আশা দেখা নাই ৱার্নাৰে
নিয়মীয়া বাৰ্তা ৯ মেঃ অষ্ট্রেলিয়াত চলিত বর্ষৰ অক্টোবৰ–নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া টি–২০ বিশ্বকাপৰ আয়োজনক লৈ আই চি চিয়ে এতিয়াও চূড়ান্ত সিদ্ধান্তত উপনীত হ’ব পৰা নাই যদিও অষ্ট্রেলিয়াৰ তাৰকা অ’পেনাৰ ডেভিদ ৱার্নাৰে এই বছৰ মেগা ইভেণ্টখনৰ কোনো আশা দেশা নাই৷ টীম ইণ্ডিয়াৰ সহঃ অধিনায়ক ৰোহিত শর্মাৰ সৈতে ইনষ্টাগ্রাম লাইভত অষ্ট্রেলিয়াৰ বাঁওহতীয়া বেটছমেনগৰাকীয়ে কয় যে সমগ্র বিশ্বই এনে এক স্বাস্থ্য সংকটৰ সন্মুখীন হোৱাৰ সময়ত বিশ্বকাপৰ বাবে অষ্ট্রেলিয়াত ১৬টা দল একগোট হোৱাটো অত্যন্ত কঠিন হ’ব৷ এনে জটিল পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি বিশ্বকাপ নির্ধাৰিত সময়ত অনুষ্ঠিত হোৱাৰ আশা নাই৷ ইফালে, ৰোহিত শর্মাৰ সৈতে হোৱা এক বার্তালাপত ৱার্নাৰে ২০১৯ৰ আৰম্ভণিতে ভাৰতৰ অষ্ট্রেলিয়া ভ্রমণৰ স্মৃতি সোঁৱৰণ কৰে৷ তেওঁ কয় যে ভাৰতৰ হাতত অষ্ট্রেলিয়াই উক্ত শৃংখলাটোত পৰাস্ত হোৱাৰ সময়ত তেওঁ নিজকে অসহায়বোধ অনুভৱ কৰিছিল৷ আনহাতে উক্ত শৃংখলাটোত ডেভিদ ৱার্নাৰ আৰু ষ্টিভেন স্মিথক মিছ কৰা বুলি উল্লেখ কৰে টীম ইণ্ডিয়াৰ অ’পেনাৰ ৰোহিত শর্মাই৷ মন কৰিবলগীয়া যে ভাৰতে অষ্ট্রেলিয়াৰ মাটিত প্রথমটো টেষ্ট শৃংখলা জয়ৰ ঐতিহাসিক সাফল্য অর্জন কৰাৰ সময়ত স্মিথ আৰু ৱার্নাৰ ঘৰুৱা দলটোৰ সৈতে নাছিল৷