নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাহানে–অশ্বিনৰ অন্তর্ভুক্তিয়ে শক্তিশালী কৰিছে দিল্লী কেপিটেলছকঃ শ্রেয়াছ আয়াৰ

নিয়মীয়া বাৰ্তা ৩১ আগষ্টঃ আগন্তুক আই পি এললৈ আত্মবিশ্বাসেৰে সাজু হৈছে দিল্লী কেপিটেলছ৷ আজিংক্য ৰাহানে, ৰবিচন্দ্রন অশ্বিন, মার্কাছ ষ্টইনিছ আদিৰ দৰে অভিজ্ঞ তাৰকাৰ অন্তর্ভুক্তিৰে নতুন ৰূপত গঠিত দলটোৱে আজিৰে পৰা ডুবাইস্থিত আই চি চি ক্রিকেট গ্রাউণ্ডত অনুশীলন আৰম্ভ কৰিছে৷ দিল্লী কেপিটেলছৰ তাৰকা বেটছমেন ঋষভ পণ্ট, শিখৰ ধাৱন, আজিংক্য ৰাহানে আৰু অধিনায়ক শ্রেয়াছ আয়াৰক দীর্ঘ সময় ধৰি নেটত বেটিং কৰা দেখিবলৈ পোৱা যায়৷ একেদৰে দীর্ঘদেহী বেগী বলাৰ ঈশান্ত শর্মায়ো প্রায় আধা ঘণ্টা নেটত বলিং কৰে৷

ইফালে, অনুশীলনৰ অন্তত অধিনায়ক আয়াৰে দিল্লী কেপিটেলছৰ প্রস্তুতি সন্দর্ভত কয় যে ৰাহানে, অশ্বিনৰ দৰে অভিজ্ঞ তাৰকাৰ অন্তর্ভুক্তিয়ে দলক অধিক শক্তিশালী আৰু ভাৰসাম্য কৰি তুলিছে৷ ‘সাধাৰণতে আমি আক্রমণাত্মক খেল প্রদর্শন কৰি ভাল পাওঁ৷ আই পি এলৰ আৰম্ভণিৰে পৰা আক্রমণাত্মক শৈলীৰ খেলৰ বাবে আমাক বিশেষভাৱে জনা যায়৷ অশ্বিন আৰু ৰাহানেৰ দৰে অভিজ্ঞ খেলুৱৈৰ অন্তর্ভুক্তিয়ে আমাৰ বলিং আৰু বেটিং শক্তিক অধিক ভাৰসাম্য কৰিব৷ প্রশিক্ষক ৰিকী পণ্টিং আৰু অধিনায়ক হিচাপে মোৰ সন্মুখত এতিয়া অধিক বিকল্প থাকিব৷ আমি খেলিবলগীয়া প্রতিদ্বন্দ্বীৰ শক্তিৰ ওপৰত ভিত্তি কৰি আমাৰ মূল একাদশ গঠন কৰিব পাৰিম৷ অশ্বিন আৰু ৰাহানে যথেষ্ট অভিজ্ঞ খেলুৱৈ আৰু তেওঁলোকে ইতিমধ্যে আই পি এলত নেতৃত্ব দিয়াৰো অভিজ্ঞতা অর্জন কৰিছে৷ গতিকে অধিনায়ক হিচাপে মই তেওঁলোকৰ অভিজ্ঞতাৰ পৰা বহুতো কথা শিকিব পাৰিম৷’ শ্রেয়াছ আয়াৰে এইদৰে কয়৷

উল্লেখ্য যে মহামাৰী ক’ৰোনা ভাইৰাছৰ প্রাদুর্ভাৱৰ পৰা ভাৰতবর্ষ এতিয়াও মুক্ত হ’ব নোৱৰাত এইবাৰৰ আই পি এল ইউ এ ইলৈ স্থানান্তৰ কৰা হৈছে৷ অহা ১৯ ছেপ্ঢেম্বৰৰ পৰা ১০ নৱেম্বৰলৈ ইউ এ ইৰ ডুবাই, আবুধাবি আৰু শ্বাৰজাহ চহৰত আই পি এলৰ মেচসমূহ খেলোৱা হ’ব৷ বি চি চি আইৰ ঐশ্বর্যশালী টি–২০ লীগৰ বাবে ইতিমধ্যে দলসমূহে ডুবাইত অনুশীলন আৰম্ভ কৰিছে৷ অৱশ্যে মহেন্দ্র সিং ধোনী নেতৃত্বাধীন চেন্নাই ছুপাৰ কিংছৰ ১৩গৰাকী সদস্য ক’ভিড–১৯ৰ চিকাৰ হোৱাত দলটো সাত দিনৰ বাধ্যতামূলক কোৱাৰেণ্টাইনত থাকিবলগীয়া হৈছে৷ অহা মাহৰ প্রথম সপ্তাহতহে তেওঁলোকে অনুশীলনত নামিব পাৰিব৷ একেদৰে ডুবাইত পলমকৈ উপস্থিত হোৱা ছানৰাইজার্ছ হায়দৰাবাদে ছয় দিনৰ হোম আইছ’লেচন আৰু তিনিটা ক’ভিড টেষ্ট সম্পন্ন কৰি মঙলবাৰৰ পৰা অনুশীলন আৰম্ভ কৰাৰ কথা আছে৷

You might also like