ধাৱনৰ শতকেৰে দিল্লীৰ চমকপ্রদ জয়: পুনৰ পৰাস্ত ছুপাৰ কিংছ
নিয়মীয়া বাৰ্তা, ১৮অক্টোবৰঃ অ’পেনাৰ শিখৰ ধাৱনৰ চমকপ্রদ শতকৰ সহায়ত দিল্লী কেপিটেলছে আই পি এলত দুর্দান্ত জয় সাব্যস্ত কৰিছে৷ শ্বাৰজাহত কালি অনুষ্ঠিত এখন উত্তেজনাপূর্ণ মেচত শ্রেয়াছ আয়াৰ নেতৃত্বাধীন দলটোৱে চেন্নাই ছুপাৰ কিংছক পাঁচ উইকেটত পৰাস্ত কৰে৷ ১৮০ ৰানৰ লক্ষ্যৰ পিছ লৈ দিল্লীয়ে এটা বল বাকী থকা অৱস্থাত ৰোমাঞ্চকৰ জয়ৰ সোৱাদ লাভ কৰে৷ ধাৱনে ৫৮ বলত ১৪টা বাউণ্ডেৰী আৰু এটা অভাৰ বাউণ্ডেৰীৰ সহায়ত ১০১ ৰানত অপৰাজিত হৈ ৰয়৷ অধিনায়ক শ্রেয়াছ আয়াৰে ২৩, মার্কাছ ষ্টইনিছে ২৪ আৰু অক্ষৰ পেটেলে মাত্র ৫টা বলত ২১ ৰান সংগ্রহ কৰে৷
ইয়াৰ পূর্বে টছত জিকি প্রথমে বেটিঙৰ সিদ্ধান্ত গ্রহণ কৰি চেন্নাই ছুপাৰ কিংছে নির্ধাৰিত ২০ অভাৰত চাৰি উইকেট হেৰুৱাই ১৭৯ ৰান সংগ্রহ কৰে৷ অ’পেনাৰ ছেম কাৰেনে ইনিংছৰ তৃতীয়টো বলতে আউট হোৱাত দলটো বিপর্যয়ৰ সন্মুখীন হয় যদিও ফাফ ডু প্লেচিছ, অম্বাটি ৰাইডু আৰু শ্বেন ৱাটছনৰ দায়িত্বপূর্ণ বেটিঙৰ সহায়ত দলটোৱে বৃহৎ স্ক’ৰ থিয় কৰাবলৈ সক্ষম হয়৷ প্লেচিছে ৪৭টা বলৰ সন্মুখীন হৈ ৬টা বাউণ্ডেৰী আৰু দুটা অভাৰ বাউণ্ডেৰীৰ সহায়ত ৫৮ ৰানৰ উল্লেখনীয় অৰিহণা আগবঢ়ায়৷ অম্বাটি ৰাইডু ৪৫ ৰানত অপৰাজিত হৈ ৰয়৷ তেওঁ ২৫টা বলত খেলি এটা বাউণ্ডেৰী আৰু চাৰিটা ছিক্সাৰ কোবায়৷ শ্বেন ৱাটছনে ২৮ বলত ৬টা বাউণ্ডেৰীৰে ৩৬ ৰান সংগ্রহ কৰে৷ ইনিংছৰ শেষৰ ফালে অলৰাউণ্ডাৰ ৰবীন্দ্র জাদেজাই বিস্ফোৰক বেটিঙেৰে মাত্র ১৩টা বলৰ সন্মুখীন হৈ অপৰাজিতভাৱে ৩৩ ৰানৰ আকর্ষণীয় ইনিংছ খেলে৷ তেওঁ চাৰিটা ছিক্সাৰৰ সহায়ত ইনিংছটো সজায়৷
দিল্লী কেপিটেলছৰ হৈ দক্ষিণ আফ্রিকাৰ তাৰকা বেগী বলাৰ এনৰিচ নর্টজেই দুটা, কাগিছ’ ৰাবাডা আৰু তুষাৰ দেশপাণ্ডেই এটাকৈ উইকেট দখল কৰিবলৈ সক্ষম হয়৷