চি এছ কেৰ অধিনায়ক হিচাপে ২০০ মেচ ধোনীৰ
নিয়মীয়া বাৰ্তা, ২১ এপ্ৰিলঃ বর্ণিল কেৰিয়াৰত আন এক গৌৰৱ অর্জন কৰিলে চেন্নাই ছুপাৰ কিংছৰ অধিনায়ক মহেন্দ্র সিং ধোনীয়ে৷ ক’ৰোনাৰ আতংকৰ মাজতে ভাৰতত পূর্ণগতিত চলি থকা ইণ্ডিয়ান প্রিমিয়াৰ লীগৰ চতুর্দশ সংস্কৰণৰ সোমবাৰে ৰাজস্থান ৰয়েলছৰ বিপক্ষে খেলা মেচখনত অৱতীর্ণ হোৱাৰ লগে লগে ধোনীয়ে চেন্নাই ছুপাৰ কিংছৰ অধিনায়ক হিচাপে ২০০খন মেচ খেলি এক গৌৰৱ অর্জন কৰে৷
বিগত সপ্তাহত চি এছ কেৰ হৈ ২০০সংখ্যক মেচ খেলা ধোনীয়ে এতিয়ালৈকে আই পি এল আৰু চেম্পিয়নছ লীগ টি–২০কে ধৰি চি এছ কেৰ হৈ মুঠ ২০৭খন মেচ খেলিছে৷
উল্লেখ্য যে ২০১৬ আৰু ২০১৭ চনত চি এছ কেক আই পি এলৰ পৰা নিষিদ্ধ কৰাত ধোনীয়ে ৰাইজিং পুনে ছুপাৰ জায়েণ্টক প্রতিনিধিত্ব কৰিছিল আৰু উক্ত সময়ছোৱাত টীম ইণ্ডিয়াৰ প্রাক্তন অধিনায়কগৰাকীয়ে ৩০খন মেচ খেলিছিল৷