নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধোনীৰ দক্ষতা আছিল অতুলনীয়ঃ গাংগুলীৰ প্রশংসা

নিয়মীয়া বাৰ্তা, ২৪ আগষ্টঃ শেহতীয়াকৈ আন্তঃৰাষ্ট্রীয় ক্রিকেটক বিদায় জনোৱা টীম ইণ্ডিয়াৰ প্রাক্তন অধিনায়ক মহেন্দ্র সিং ধোনীৰ বিৰল প্রতিভাৰ উমান লাভ কৰি তেতিয়াৰ অধিনায়ক সৌৰভ গাংগুলীয়ে উইকেটৰক্ষক বেটছমেনগৰাকীক তিনি নম্বৰ স্থানত বেটিঙৰ সুযোগ দিছিল৷ এই কথা কালি স্বীকাৰ কৰিছে ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ৰ্ডৰ মুৰব্বী তথা ভাৰতৰ প্রাক্তন অধিনায়ক সৌৰভ গাংগুলীয়ে৷

এক অনুষ্ঠানত তেওঁ কয় যে ধোনীৰ বিগ হিটিং দক্ষতা অতুলনীয় আছিল৷ সেয়ে তেওঁক তিনি নম্বৰ স্থানত বেটিঙৰ সুযোগ দিছিলোঁ৷ ভাইজাগত তেওঁ এই সুযোগৰ সদ্ব্যৱহাৰ কৰি পাকিস্তানৰ বিৰুদ্ধে ১৪৮ ৰানৰ বিস্ফোৰক ইনিংছ খেলিবলৈ সক্ষম হৈছিল৷ ইয়াৰ পিছত ধোনীয়ে আৰু কেতিয়াও পিছলৈ ঘূৰি চাবলগীয়া হোৱা নাই৷

উল্লেখ্য যে স্বাধীনতা দিৱসৰ সন্ধিয়া আন্তঃৰাষ্ট্রীয় ক্রিকেটৰ পৰা অৱসৰ ঘোষণা কৰি বিশ্বৰ অগণন ক্রিকেট অনুৰাগীক হতচকিত কৰা ধোনীয়ে সৌৰভ গাংগুলীৰ নেতৃত্বত ২০০৫ চনত আন্তঃৰাষ্ট্রীয় এদিনীয়াত অভিষেক ঘটাইছিল৷ ‘বৃহৎ শ্বট খেলাৰ ক্ষেত্রত ধোনীৰ এক বিৰল প্রতিভা আছিল৷ মই তেওঁৰ এই প্রতিভাৰ উমান আগতীয়াকৈ লাভ কৰিছিলোঁ৷ সেয়ে তেওঁক তিনি নম্বৰ স্থানত বেটিঙৰ বাবে পঠিয়াইছিলোঁ৷ মই জানিছিলোঁ যে ধোনীয়ে অধিক অ’ভাৰ খেলিবলৈ পালে দীঘলীয়া ইনিংছ খেলিব পাৰিব৷ ল’ৱাৰ অর্ডাৰত বেটিং কৰি থাকিলে তেওঁ হয়তো আজি বিশ্বমানৰ ক্রিকেটাৰ হ’ব নোৱাৰিলেহেঁতেন৷’ গাংগুলীয়ে এইদৰে কয

You might also like