IPLৰ পৰৱৰ্তী মেচত নিষিদ্ধ দিগবেশ ৰাথী, অভিষেককো জৰিমনা
IPLৰ পৰৱৰ্তী মেচত নিষিদ্ধ দিগবেশ ৰাথী, অভিষেককো জৰিমনা
নিউজ ডেস্ক, ২০ মে’ : একানা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত আই পি এল ২০২৫ৰ ৬১সংখ্যক মেচত অভিষেক শৰ্মা আৰু দিগবেশ সিং ৰাথীৰ মাজত তীব্ৰ তৰ্ক-বিতৰ্কৰ সৃষ্টি হয়। দুয়োজন খেলুৱৈয়ে যথেষ্ট আক্ৰমণাত্মক আছিল আৰু যদিহে আম্পায়াৰ আৰু আন সতীৰ্থসকলে তেওঁলোকক বাধা নিদিলেহেঁতেন তেন্তে বিষয়টো আৰু আগবাঢ়িব পাৰিলেহেঁতেন। ৮ম অভাৰৰ তৃতীয় বলত অভিষেক শৰ্মাক আউট কৰি দিগবেশ সিঙে চহীৰে উদযাপন কৰাৰ সময়তে এই যুঁজখন সংঘটিত হয়। এতিয়া বিচিচিআইয়ে ইয়াৰ বাবে দুয়োজন খেলুৱৈকে শাস্তি প্ৰদান কৰিছে। দিগবেশক এনে শাস্তি দিয়া হৈছে যিটো এই ছিজনত এতিয়ালৈকে কোনো খেলুৱৈক দিয়া হোৱা নাই।
আই পি এলে প্ৰকাশ কৰা এক বিবৃতিত কোৱা হৈছে যে, লক্ষ্ণৌৰ অটল বিহাৰী বাজপেয়ী একনা ক্ৰিকেট ষ্টেডিয়ামত সোমবাৰে আই পি এলৰ আচৰণ বিধি উলংঘা কৰাৰ বাবে লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ বলাৰ দিগবেশ সিঙক মেচ মাচুলৰ ৫০ শতাংশ জৰিমনা বিহা হৈছে।
আই পি এল ২০২৫ত ২.৫ অনুচ্ছেদৰ অধীনত দিগবেশ সিং ৰাথীৰ তৃতীয়টো লেভেল ১ অপৰাধ আছিল আৰু সেয়েহে, তেওঁ ২টা ডিমেৰিট পইণ্ট লাভ কৰিছিল। ইয়াৰ বাহিৰেও তেওঁ পূৰ্বে ৩টা ডিমেৰিট পইণ্ট লাভ কৰিছিল। ২০২৫ চনৰ ১ এপ্ৰিলত পঞ্জাব কিংছৰ বিৰুদ্ধে এটা ডিমেৰিট পইণ্ট আৰু ২০২৫ চনৰ ০৪ এপ্ৰিলত মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে দুটা ডিমেৰিট পইণ্ট।
এতিয়া এই ছিজনত তেওঁৰ একাউণ্টত ৫টা ডিমেৰিট পইণ্ট আছে গতিকে তেওঁক এখন মেচৰ বাবে নিষিদ্ধ কৰা হ’ব। লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ পৰৱৰ্তী মেচত আৰু খেলিব নোৱাৰিব দিগবেশে। এল এছ জিৰ পৰৱৰ্তী মেচ হ’ব ২২ মে’ত আহমেদাবাদত গুজৰাট টাইটানছৰ বিৰুদ্ধে।
আই পি এলৰ আচৰণ বিধি উলংঘা কৰাৰ বাবে ছানৰাইজাৰ্ছ হায়দৰাবাদৰ অল-ৰাউণ্ডাৰ অভিষেক শৰ্মাকো মেচ মাচুলৰ ২৫ শতাংশ জৰিমনা বিহা হৈছে। এই ছিজনত অভিষেকৰ ২.৬ অনুচ্ছেদৰ অধীনত এইটোৱেই আছিল প্ৰথম লেভেল ১ অপৰাধ আৰু সেয়েহে, তেওঁ এটা ডিমেৰিট পইণ্ট লাভ কৰিছে। স্তৰ ১ আচৰণ বিধি ভংগৰ বাবে মেচ ৰেফাৰীৰ সিদ্ধান্ত চূড়ান্ত আৰু বাধ্যতামূলক।