ক’ভিড বিধি উলংঘা ব্রাজিল–আর্জেণ্টিনাৰ মেচ স্থগিত
নিয়মীয়া বাৰ্তা ৭ ছেপ্টেম্বৰঃ ফুটবলৰ পথাৰত সংঘটিত এক অভূতপূর্ব ঘটনাৰ সাক্ষী হৈ ৰ’ল বিশ্ববাসী৷ আর্জেণ্টিনা আৰু ব্রাজিলৰ মাজত যোৱানিশা অনুষ্ঠিত হ’বলগীয়া বিশ্বকাপৰ কোৱালিফায়াৰ মেচ আৰম্ভ হোৱাৰ সাত মিনিট পিছতে আৰক্ষীৰ হস্তক্ষেপত হঠাতে মেচ বন্ধ হৈ যায়৷ বিশ্বকাপৰ যোগ্যতা নির্ণায়ক মেচ খেলিবলৈ ব্রাজিললৈ যোৱা আর্জেণ্টিনাৰ চাৰিগৰাকী ফুটবলাৰে ক’ভিড বিধি উলংঘা কৰাৰ অভিযোগত স্থানীয় প্রশাসনে মেচখন আধাতে স্থগিত ৰাখে৷ আৰক্ষীয়ে অভিযোগ উত্থাপন কৰা অনুসৰি এমিলিয়ানো মার্টিনেজ, ক্রিষ্টিয়ান ৰোমেৰো, আৰু গি’বানি লো কেলছোই ব্রাজিল চৰকাৰৰ কঠোৰ ক’ভিড বিধি অনুসৰি আইছ’লেচনত নাথাকি পোনে পোনে দেশৰ হৈ খেলপথাৰত নামে৷
এই তিনিওগৰাকী খেলুৱৈ আর্জেণ্টিনাৰ মূল একাদশত অন্তর্ভুক্ত হৈছিল৷ অতিৰিক্ত খেলুৱৈৰ তালিকাত থকা এমিলিয়ানো বুয়েনডিয়াৰ বিৰুদ্ধেও একেই অভিযোগ ব্রাজিল প্রশাসনৰ৷ এই চাৰিগৰাকী খেলুৱৈয়ে ইংলেণ্ডত ইংলিছ প্রিমিয়াৰ লীগত অংশ লৈ পোনে পোনে ব্রাজিললৈ আহিছে আৰু আইছ’লেচনত নাথাকি ব্রাজিলৰ বিৰুদ্ধে খেলপথাৰত নামিছিল৷ আৰক্ষীয়ে মেচৰ মাজত এইদৰে হস্তক্ষেপ কৰাক কেন্দ্র কৰি দুয়ো দলৰ খেলুৱৈ আৰু বিষয়ববীয়াসকল স্তম্ভিত হয় আৰু যথেষ্ট সময় ধৰি উত্তেজনাপূর্ণ পৰিৱেশ বিৰাজ কৰে৷