নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আই এছ এলত পুনৰ বিমুখ হ’ল ইষ্ট বেংগল

নিয়মীয়া বাৰ্তা, ২৭ ডিচেম্বৰঃ  আই এছ এলত প্রথমবাৰৰ বাবে প্রতিদ্বন্দ্বিতা আগবঢ়োৱা দেশৰ আগশাৰীৰ ফুটবল ক্লাব কলকাতাৰ ঐতিহ্যমণ্ডিত ইষ্ট বেংগলে প্রতিযোগিতাখনত এতিয়াও জয়ৰ মুখ দেখা নাই৷ দলটোৱে কালি গোৱাত চলি থকা আই এছ এলত নিজৰ সপ্তমখন মেচত চেন্নাইন এফ চিৰ বিৰুদ্ধে ২–২ গ’লত ড্র খেলে৷

তীব্র উত্তেজনাপূর্ণ মেচখনত চেন্নাইন এফ চিয়ে ১৩ মিনিটত প্রথমটো অগ্রগতি লাভ কৰে৷ এল ছাংটেই ১৩ মিনিটত গ’লটো কৰিবলৈ সক্ষম হয়৷ অৱশ্যে ৫৯ মিনিটত ষ্টেইনমেনে এটা গ’ল কৰি ইষ্ট বেংগলৰ হৈ মেচত সমতা স্থাপন কৰে৷ কিন্তু ৬৪ মিনিটত চেন্নাইন এফ চিয়ে আৰ আলীৰ গ’লৰ সহায়ত পুনৰ অগ্রগতি অর্জন কৰে৷

অৱশ্যে ৬৮ মিনিটত ইষ্ট বেংগলে দ্বিতীয়টো গ’ল কৰি মেচত পুনৰ সমতা স্থাপন কৰিবলৈ সক্ষম হয়৷ ষ্টেইনমেনে দলটোৰ হৈ দ্বিতীয়টো গ’ল কৰে৷ এই মুহূর্তত চেন্নাইন এফ চিয়ে ৯ পইণ্টেৰে সপ্তম স্থানত আৰু ইষ্ট বেংগলে তিনি পইণ্টেৰে দশম স্থানত আছে৷ দলটোৱে তিনিখনত ড্র খেলাৰ বিপৰীতে চাৰিখনত পৰাজয়ৰ সন্মুখীন হৈছে৷
আজিৰ খেল
কেৰালা ব্লাষ্টার্ছ
বনাম
হায়দৰাবাদ এফ চি
সময়ঃ সন্ধিয়া ৭.৩০ বজা৷

You might also like