ফলাফল বিচাৰি আইচিচিৰ দ্বাৰস্থ ইংলেণ্ড
নিয়মীয়া বাৰ্তা ১৩ ছেপ্টেম্বৰঃ ভাৰত–ইংলেণ্ডৰ মাজত মানচেষ্টাৰত অনুষ্ঠিত হ’বলগীয়া পঞ্চম তথা অন্তিম টেষ্ট নাটকীয়ভাৱে বাতিল হোৱাক লৈ ক্রিকেট মহলত বিভিন্ন প্রশ্ণৰ অৱতাৰণা হোৱাৰ সময়তে সমগ্র ঘটনাই নতুন মোৰ লৈছে৷ ইংলেণ্ড এণ্ড ৱেলছ ক্রিকেট ব’ডৰ সৈতে সর্বসন্মত সিদ্ধান্ত মর্মে মানচেষ্টাৰ টেষ্ট বাতিল হোৱা বুলি বি চি চি আয়ে দাবী কৰিলেও মেচখনৰ নাটকীয় পৰিসমাপ্তিক লৈ সন্তুষ্ট নহয় ইংলেণ্ড৷ আৰম্ভ হোৱাৰ প্রায় ডেৰঘণ্টা পূর্বে আকস্মিকভাৱে অন্তিম টেষ্ট বাতিল হোৱাত বৃহৎ আর্থিক ক্ষতিৰ সন্মুখীন হোৱাৰ পিছত ইংলেণ্ড ক্রিকেট ব’র্ডে মেচখনৰ ফলাফল বিচাৰি আই চি চিৰ দ্বাৰস্থ হৈছে৷ মানচেষ্টাৰ টেষ্টৰ ফলাফল নির্ণয় কৰিবলৈ বিশ্ব ক্রিকেটৰ সর্বোচ্চ সংস্থাটোলৈ ই চি বিয়ে আনুষ্ঠানিকভাৱে পত্র প্রেৰণ কৰিছে বুলি আজি জানিব পৰা গৈছে৷
ই চি বিৰ মুখপাত্রই সংবাদ মাধ্যমৰ আগত প্রকাশ কৰা অনুসৰি তেওঁলোকে বিষয়টোৰ মীমাংসা বিচাৰি আই চি চিৰ সংঘাত নিৰাময় কমিটীলৈ পত্র প্রেৰণ কৰিছে৷ বাতিল হোৱা মেচখনৰ এক নিশ্চিত ফলাফল লাভ কৰিলেহে তেওঁলোকে বীমাৰ ধন দাবী কৰিব পাৰে বুলি ই চি বিৰ মুখপাত্রগৰাকীয়ে জানিবলৈ দিয়ে৷ তেওঁ লগতে কয় যে মানচেষ্টাৰ টেষ্ট বাতিলৰ ফলত ইংলেণ্ড ক্রিকেট ব’র্ডে প্রায় ৪০ মিলিয়ন পাউণ্ড ক্ষতিৰ সন্মুখীন হৈছে৷ উল্লেখ্য যে আই চি চিয়ে মেচখন পৰিত্যক্ত বুলি ঘোষণা কৰিলে ভাৰতে ২–১ৰ ব্যৱধানত শৃংখলা জয় কৰিব৷ ইয়াৰ বিপৰীতে ক’ভিডৰ প্রাদুর্ভাৱৰ বাবে ভাৰতে মেচখন ইংলেণ্ডক এৰি দিবলৈ বাধ্য বুলি আই চি চিয়ে ঘোষণা কৰিলে ঘৰুৱা দলটোৱে ২–২ৰ ব্যৱধানত শৃংখলাত সমতা স্থাপন কৰিব পাৰিব৷ অৱশ্যে ই চি বিৰ পৰা পত্র লাভ কৰা বুলি আই চি চিয়ে এতিয়ালৈকে আনুষ্ঠানিকভাৱে প্রকাশ কৰা নাই৷ মন কৰিবলগীয়া যে বি চি চি আইৰ সৈতে হোৱা বৈঠকত ই চি বিয়ে বাৰম্বাৰ আহ্বান জনাইছিল যে অন্তিম টেষ্টত ভাৰতে অংশ ল’ব নোৱৰাত ইংলেণ্ডক জয়ী ঘোষণা কৰা উচিত৷ কিন্তু বি চি চি আয়ে ইংলেণ্ডৰ এই প্রস্তাৱ মানি ল’বলৈ সন্মত নহয় আৰু পৰৱর্তী সময়ত মেচখন পুনৰ আয়োজন কৰিব বুলি আশ্বাস দিয়ে৷