নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অখ্যাত ৰাডুকানুৱে ৰচিলে ইতিহাস

১৮ বছৰতে ইউ এছ অ’পেনত চেম্পিয়নঃ স্বপ্ণভংগ লেইলাৰ

নিয়মীয়া বাৰ্তা ১৩ ছেপ্টেম্বৰঃ নাম এম্মা ৰাডুকানু৷ বয়স ১৮ বছৰ৷ ব্রিটেইনৰ এইগৰাকী অখ্যাত টেনিছ খেলুৱৈয়ে চলিত বর্ষৰ ইউ এছ অ’পেনৰ মহিলা শাখাৰ ছিংগলছৰ খিতাপ জয় কৰি ৰচিলে ইতিহাস৷ সুদীর্ঘ ৫৩ বছৰৰ পিছত ইউ এছ অ’পেনৰ খিতাপ জয় কৰা ব্রিটেইনৰ প্রথমগৰাকী মহিলা খেলুৱৈ হিচাপে পৰিগণিত হয় ৰাডুকানু৷ ৰাডুকানুৰ পূর্বে ১৯৬৮ চনত ভির্জিনিয়া ৱেডে প্রথমগৰাকী ব্রিটিছ মহিলা ৰূপে ইউ এছ অ’পেনৰ খিতাপ জয় কৰিছিল৷

আনহাতে, ১৯৭৭ চনত ভির্জিনিয়াৰ পিছত গ্রেণ্ডশ্লামৰ খিতাপ দখল কৰা ৰাডুকানুৱে ব্রিটেইনৰ প্রথমগৰাকী মহিলা খেলুৱৈ ৰূপেও গৌৰৱ অর্জন কৰে৷ চলিত বর্ষৰ চতুর্থ তথা অন্তিমটো গ্রেণ্ডশ্লাম ইউ এছ অ’পেনৰ শনিবাৰে মাজনিশা অনুষ্ঠিত মহিলা শাখাৰ ছিংগলছৰ ফাইনেল মেচখন দুই অখ্যাত খেলুৱৈ ৰাডুকানু আৰু কানাডাৰ ১৯ বছৰীয়া লেইলা ফার্নাণ্ডেজৰ মাজত অনুষ্ঠিত হয়৷ দুয়োগৰাকী নৱাগত খেলুৱৈয়ে ইজনৰ পিছত সিজন নামী–দামী খেলুৱৈক পৰাস্ত কৰি পাইনেলত স্থান সুৰক্ষিত কৰিছিল৷

অৱশ্যে ফাইনেল মেচখনত লেইলাৰ স্বপ্ণ ভংগ কৰি শেষ হাঁহি মাৰে ৰাডুকানুৱে৷ খিতাপ যুঁজৰ মেচখনত ব্রিটেইনৰ খেলুৱৈগৰাকীয়ে লেইলাক ৬–৪, ৬–৩ৰ পোনপটীয়া ছেটত পৰাস্ত কৰি চেম্পিয়নৰ সন্মান অর্জন কৰে৷ মন কৰিবলগীয়া যে অভিষেকতে ইউ এছ অ’পেনৰ খিতাপ দখল কৰা ৰাডুকানু হ’ল দ্বিতীয়গৰাকী খেলুৱৈ৷ ইয়াৰ পূর্বে ২০১৯ চনত বিয়ানকা আন্দ্রেস্কুই অভিষেকতে ইউ এছ অ’পেনৰ খিতাপ দখল কৰিছিল৷ আনহাতে, ৰাছিয়াৰ সুন্দৰী টেনিছ তাৰকা মাৰিয়া ছাৰাপ’ভাৰ পিছত গ্রেণ্ডশ্লামৰ খিতাপ হস্তগত কৰা ৰাডুকানু হ’ল সর্বকনিষ্ঠ খেলুৱৈ৷ ছাৰাপ’ভাই ১৭ বছৰ বয়সতে ২০০৪ চনত উইম্বলডনৰ খিতাপ জয় কৰিছিল৷

ইপিনে, ইউ এছ অ’পেনৰ নতুন সম্রাজ্ঞীগৰাকীক অভিনন্দন জনাইছে ব্রিটেইনৰ ৰাজ পৰিয়ালে৷ ৰাডুকানুলৈ প্রেৰণ কৰা এক বার্তাত ৰানী এলিজাবেথে কয় যে ইমান কম বয়সতে এয়া এক উল্লেখনীয় উপলব্ধি৷ কঠোৰ পৰিশ্রম আৰু নিষ্ঠাৰ এয়া ফল৷ ৰাণী এলিজাবেথে কানাডাৰ লেইলাকো প্রশংসাৰে ওপচাই পেলায়৷

You might also like