অলিম্পিকৰ পূর্বে টকিঅ’ত জৰুৰীকালীন অৱস্থা
ডেল্টা ভাইৰাছৰ সংক্রমণ প্রতিৰোধৰ বাবে জাপান চৰকাৰৰ কঠোৰ সিদ্ধান্ত
নিয়মীয়া বাৰ্তা ৯ জুলাইঃ অলিম্পিকলৈ মাজত মাথোঁ দুটা সপ্তাহ বাকী থকা অৱস্থাত জাপান চৰকাৰে আজি টকি’ত জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছে৷ মহামাৰী ক’ভিড–১৯ৰ নতুন ৰূপ ডেল্টা ভাইৰাছৰ সংক্রমণ প্রতিৰোধ কৰিবলৈ প্রধানমন্ত্রী য়’ছিহাইড ছুগাই অহা ২২ আগষ্টপর্যন্ত জাপানৰ ৰাজধানী চহৰখনত জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছে৷ ইয়াৰ ফলত অহা ২৩ জুলাইৰ পৰা ৮ আগষ্টলৈ চলিবলগীয়া অলিম্পিক জৰুৰীকালীন অৱস্থাৰ মাজত আয়োজন কৰিব লাগিব৷ চৰকাৰৰ এই কঠোৰ সিদ্ধান্তৰ বাবে বিশ্বৰ তাৰকা এথলীটসকলে দর্শকশূন্য ষ্টেডিয়ামত খেলপথাৰত নামিব লাগিব৷
ইয়াৰ পূর্বে চৰকাৰে প্রতিখন ভেন্যুত ৫০ শতাংশ দর্শকৰ প্রৱেশত অনুমতি দিছিল যদিও শেহতীয়াকৈ ক’ভিড–১৯ৰ সংক্রমণ বৃদ্ধি পোৱাৰ প্রতি লক্ষ্য ৰাখি মেগা ইভেণ্টখনত দর্শকৰ উপস্থিতি সম্পূর্ণৰূপে নিষিদ্ধ কৰা হৈছে৷ অৱশ্যে পৰিস্থিতি সুস্থিৰ হ’লে চৰকাৰে অলিম্পিকৰ মাজত জৰুৰীকালীন অৱস্থা প্রত্যাহাৰ কৰিব পাৰে বুলি প্রধানমন্ত্রী ছুগাই জানিবলৈ দিছে৷
ইফালে, জাপান চৰকাৰে টকিঅ’ অলিম্পিক জৰুৰীকালীন অৱস্থাৰ মাজতে আয়োজন কৰিব বুলি ঘোষণা কৰাৰ দিনাই টকিঅ’ত উপস্থিত হৈছে আন্তঃৰাষ্ট্রীয় অলিম্পিক কমিটীৰ মুৰব্বী থমাছ বাখ৷ তিনি দিনৰ কোৱাৰেণ্টাইনত থাকি তেওঁ টকি’ অলিম্পিকৰ প্রস্তুতি প্রক্রিয়াৰ তদাৰক কৰিব৷ উল্লেখ্য যে মহামাৰীৰ আতংক অব্যাহত থাকিলেও আন্তঃৰাষ্ট্রীয় অলিম্পিক কমিটীয়ে স্থানীয় উদ্যোক্তা কমিটীৰ সহযোগত প্রতিযোগিতাখন সুকলমে আয়োজন কৰাৰ প্রতিশ্রুতি দিছে৷