পুঁজি সংগ্রহৰ বাবে হাফ মাৰাথনত ভাগ ল’লে ষ্ট’কছে
নিয়মীয়া বাৰ্তা, ৭ মে’ : মহামাৰী ক’ৰোনা ভাইৰাছত আক্রান্ত হোৱা লোকসকলক সহায় কৰাৰ বাবে আগবাঢ়ি আহিল ইংলেণ্ড ক্রিকেট দলটোৰ তাৰকা অলৰাউণ্ডাৰ বেন ষ্ট’কছ৷ পুঁজি সংগ্রহৰ বাবে তাৰকা ক্রিকেটাৰগৰাকীয়ে প্রথমবাৰৰ বাবে হাফ মাৰাথনত অংশগ্রহণ কৰে৷
নেচনেল হেল্থ ছার্ভিচেছ চেৰিটিজ টুগেদাৰ আৰু ছানছ টু ছাইন ফাউণ্ডেচনটোৰ হৈ পুঁজি সংগ্রহৰ বাবে খেলুৱৈগৰাকীয়ে হাফ মাৰাথনত অংশ লয় আৰু ১ ঘণ্টা ৩৯ মিনিট ৪১ ছেকেণ্ডত নির্দিষ্ট দূৰত্ব অতিক্রম কৰে ২৮ বছৰীয়া অলৰাউণ্ডাৰগৰাকীয়ে৷