নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইউৰো কাপ ফুটবলঃ ইংলেণ্ড–স্কটলেণ্ডৰ মেচ উপভোগ কৰি পজিটিভ হ’ল ২,০০০ দর্শক

নিয়মীয়া বাৰ্তা, ২ জুলাইঃ মহামাৰী ক’ভিড–১৯ৰ নতুন হটস্পট হিচাপে চিহ্ণিত হৈছে ইউৰো কাপ ফুটবল প্রতিযোগিতা৷ ইউৰোপৰ বিভিন্ন প্রান্তত কঠোৰ ক’ভিড প্রট’কলৰ মাজত মেচসমূহ আয়োজন কৰা হৈছে যদিও প্রায় প্রতিখন মেচত আক্রান্ত হৈছে হাজাৰ হাজাৰ অনুৰাগী৷ ইংলেণ্ড আৰু স্কটলেণ্ডৰ মাজত লণ্ডনৰ ৱেম্বলীত অনুষ্ঠিত গ্রুপ পর্যায়ৰ মেচখনৰ পিছত ২০০০ৰো অধিক স্কটিছ অনুৰাগী ক’ভিড পজিটিভ হোৱাৰ বাতৰি পোহৰলৈ আহিছে৷

স্কটলেণ্ডৰ স্বাস্থ্য বিভাগৰ শেহতীয়া প্রতিবেদনত এই উদ্বেগজনক তথ্য প্রকাশ পাইছে৷ ইফালে, স্কটলেণ্ড আৰু ক্র’ৱেছিয়া, স্কটলেণ্ড আৰু চেক গণৰাজ্যৰ মাজত হাম্পডেন পার্কত অনুষ্ঠিত মেচ উপভোগ কৰা প্রায় ৫৫গৰাকী ব্যক্তি ক’ভিডত আক্রান্ত হৈছে৷

উল্লেখ্য যে নিজৰ দলৰ সাফল্যত উৎফুল্লিত হৈ একাংশ দর্শকে ক’ভিড প্রট’কল পাহৰি ফুটবলৰ উন্মাদনাত মতলীয়া হোৱাত ক’ভিডৰ সংক্রমণ ভয়াৱহ ৰূপত বৃদ্ধি পোৱা বুলি ব্রিটেইনৰ স্বাস্থ্য বিভাগে আশংকা প্রকাশ কৰিছে৷ ইউৰোপ মহাদেশৰ অন্যতম জনপ্রিয় ফুটবল প্রতিযোগিতাখনৰ কোৱার্টাৰ ফাইনেল মেচসমূহ কাইলৈৰ পৰা আৰম্ভ হ’ব৷

You might also like