অনিশ্চয়তাৰ গৰাহত ইউৰোপীয়ান ছুপাৰ লীগ ফুটবল প্রতিযোগিতা
নিয়মীয়া বাৰ্তা, ২২ এপ্ৰিলঃ কলিতে মৰহি যোৱাৰ উপক্রম ঘটিছে ইউৰোপীয়ান ছুপাৰ লীগ ফুটবল প্রতিযোগিতাৰ৷ বিশ্ব ফুটবলৰ সর্বোচ্চ সংস্থা ফিফাৰ লগতে উৱেফাক অন্ধকাৰত ৰাখি ইউৰোপীয়ান ছুপাৰ লীগৰ আনুষ্ঠানিক ঘোষণাৰ পিছতে সমগ্র ইউৰোপতে খলকনিৰ সৃষ্টি হৈছিল৷ বিশ্বৰ ১২টা প্রতিষ্ঠিত ক্লাবে এই লীগত যোগদান কৰাৰ নিশ্চিতি প্রদান কৰিছিল অৱশেষত ফিফা আৰু উৱেফাৰ ধমকনিত ইণ্টাৰ মিলান, এচি মিলান, এটলেটিকো মাদ্রিদকে ধৰি ইংলিছ প্রিমিয়াৰ লীগৰ ৬টা দলে প্রতিযোগিতাখনৰ পৰা নাম প্রত্যাহাৰ কৰাৰ সিদ্ধান্ত লয়৷
ইংলেণ্ড, ইটালী আৰু স্পেইনকে ধৰি ইউৰোপৰ ১২টাকৈ আগশাৰীৰ দলে ইউৰোপীয়ান ছুপাৰ লীগত অংশগ্রহণ কৰিব বুলি বাতৰি ওলোৱাৰ ৪৮ ঘণ্টাৰ পিছতেই অনুৰাগী, ৰাজনীতিবিদৰ লগতে ব্রিটিছ ৰাজবংশৰ তুমুল বিৰোধিতাৰ অন্তত ৬টাকৈ ইংলিছ ক্লাবে প্রতিযোগিতাখনৰ পৰা নাম প্রত্যাহাৰ কৰিবলৈ বাধ্য হয়৷ এতিয়ালৈকে ১২টা দলৰ ৯টা দলেই নাম প্রত্যাহাৰ কৰিছে৷ প্রতিযোগিতাখনৰ পৰা নাম প্রত্যাহাৰ কৰা ইংলিছ প্রিমিয়াৰ লীগৰ দলকেইটা হ’ল– মানচেষ্টাৰ চিটী, মানচেষ্টাৰ ইউনাইটেড, লিভাৰপুল, আর্ছেনাল, টটেনহাম আৰু চেলিছ৷ অৱশ্যে জুভেণ্টাছ, বার্চিলোনা আৰু ৰিয়েল মাদ্রিদে এতিয়ালৈকে ইউৰোপীয়ান ছুপাৰ লীগ প্রতিযোগিতাখনৰ পৰা নাম প্রত্যাহাৰ কৰা সন্দর্ভত কোনোধৰণৰ মন্তব্য আগবঢ়োৱা নাই৷