কাটাৰ বিশ্বকাপ ফুটবল প্রতিযোগিতাত ভাৰত–পাকিস্তানৰ দর্শকৰ বাবে বিশেষ ব্যৱস্থা
নিয়মীয়া বাৰ্তা, ২০ এপ্ৰিলঃ ফুটবল বিশ্বকাপৰ পূর্বে ভাৰত, পাকিস্তান আৰু ইৰানৰ নাগৰিকৰ বাবে ভিছাৰ ক্ষেত্রত বৃহৎ সালসলনি ঘটাবলৈ আগবাঢ়িছে আয়োজক দেশ কাটাৰ৷ দেশখনত উপস্থিত হৈ ভিছা পোৱাৰ ক্ষেত্রত এইবাৰ যথেষ্ট সুবিধা হ’ব এই তিনিখন দেশৰ নাগৰিকৰ৷ যোৱা ১৪ এপ্রিলৰ পৰাই এই নতুন নিয়ম কার্যকৰী হৈছে৷ কাটাৰৰ গৃহ মন্ত্রালয়ৰ তৰফৰ পৰা জনোৱা হৈছে যে এইবাৰৰ পৰা কাটাৰলৈ যোৱাৰ পিছত বিনামূল্যে পর্যটন ভিছা লাভ কৰিব ভাৰত, পাকিস্তান আৰু ইৰানৰ নাগৰিকে৷ প্রাথমিকভাৱে এমাহৰ বাবে ভিছা দিয়া হ’ব আৰু পিছত এই ভিছাৰ সময়সীমা দুমাহলৈ বৃদ্ধি কৰা হ’ব পাৰে৷ সেই ভিছা পাবলৈ হ’লে পূর্বৰ পৰাই দেশখনৰ কোনো হোটেলত বুকিং থাকিব লাগিব৷ সেই বুকিং এটি নির্দিষ্ট ৱেবছাইটৰ জৰিয়তে কৰিব লাগিব৷ ইয়াৰ লগতে কাটাৰলৈ যোৱা ব্যক্তিৰ হাতত থাকিব লাগিব বৈধ পাছপ’ট আৰু দেশলৈ ওভতাৰ টিকট৷ এই নথি দেখুৱালেই লাভ কৰিব বিনামূল্যে ভিছা৷
অৱশ্যে কাটাৰলৈ যোৱাৰ ক্ষেত্রত কিছু স্বাস্থ্য নির্দেশনা মানি চলাৰো পৰামর্শ দিয়া হৈছে৷ কাটাৰত পদার্পণ কৰাৰ ৪৮ ঘণ্টা পূর্বে নিগেটিভ আৰ টি পি চি আৰ প্রতিবেদন লগত নিব লাগিব৷ দেশখনৰ ক’ভিড বিধি–নিষেধো সকলোৱে মানি চলিব লাগিব৷ ২১ নৱেম্বৰৰ পৰা কাটাৰ বিশ্বকাপ৷ প্রতিযোগিতাৰ টিকটৰ দাম আই পি এলৰ কিছু অংশৰ টিকটৰ দামতকৈও কম হোৱাত ইতিমধ্যে ভাৰতৰ পৰা যথেষ্ট সঁহাৰি পাইছে৷ সমগ্র বিশ্বৰ টিকটৰ চাহিদাৰ নিৰিখত ভাৰতে সপ্তম স্থান লাভ কৰিছে৷ এইবাৰ ভাৰতসহ তিনিখন দেশৰ নাগৰিকৰ বাবে ভিছাৰ নিয়ম সলনি কৰাত অধিকসংখ্যক দর্শকৰ দেশখনলৈ আগমন ঘটাৰ সম্ভাৱনা আছে৷