অৱশেষত আইপিএলৰ সূচী ঘোষণা ব’ৰ্ডৰ
নিয়মীয়া বাৰ্তা ৭ ছেপ্টেম্বৰঃ দীর্ঘদিনীয়া জল্পনা–কল্পনাৰ অন্ত পেলাই অৱশেষত আইপিএলৰ সূচী ঘোষণা কৰিলে ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডে৷ ইউএইৰ তিনিখন চহৰত অহা ১৯ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া প্রতিযোগিতাখনলৈ মাজত মাথোঁ কেইটামান দিনহে বাকী থকা অৱস্থাত ব’ৰ্ডৰ সম্পাদক জয় শ্বাহে আইপিএল–১৩ৰ সম্পূর্ণ সূচী আনুষ্ঠানিকভাৱে ঘোষণা কৰে৷ এই অনুসৰি, ১৯ ছেপ্টেম্বৰত মুম্বাই ইণ্ডিয়ানছ আৰু চেন্নাই ছুপাৰ কিংছৰ মাজত উদ্বোধনী মেচখন অনুষ্ঠিত হ’ব৷ আইপিএল ইতিহাসৰ অন্যতম সফল দল দুটাই আবুধাবিত আইপিএলৰ উদ্বোধনী মেচখন খেলিব৷ মন কৰিবলগীয়া যে চেন্নাই ছুপাৰ কিংছৰ ১৩গৰাকীকৈ সদস্য মহামাৰী ক’ৰোনা ভাইৰাছত আক্রান্ত হোৱাৰ পিছত উদ্বোধনী মেচত দলটোৰ অংশগ্রহণক লৈ অনিশ্চয়তা সৃষ্টি হৈছিল যদিও শেহতীয়াকৈ ধোনী বাহিনীয়ে অনুশীলন আৰম্ভ কৰিবলৈ সক্ষম হৈছে৷ আক্রান্তসকলৰ ভিতৰত মাত্র দুজনহে খেলুৱৈ থকাত দলটোৱে উদ্বোধনী মেচৰ বাবে সাজু হোৱাৰ সুযোগ পাইছে বুলি ব’ৰ্ডৰ এক সূত্রই জানিবলৈ দিছে৷ ডিফেণ্ডিং চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছ আৰু চেন্নাই ছুপাৰ কিংছৰ মাজত উদ্বোধনী মেচ খেলোৱাৰ পিছত ২০ ছেপ্টেম্বৰত ডুবাইত দিল্লী কেপিটেলছে কিংছ একাদশ পঞ্জাবৰ মুখামুখি হ’ব৷ একেটা স্থানতে ২১ ছেপ্টেম্বৰত ছানৰাইজার্ছ হায়দৰাবাদে ৰয়েল চেলেঞ্জার্ছ বাংগালুৰুৰ বিৰুদ্ধে খেলিব৷
ইফালে, অসমৰ সৈতে বিশেষ সম্পর্ক থকা ৰাজস্থান ৰয়েলছ দলটোৱে ২২ ছেপ্টেম্বৰত অভিযান আৰম্ভ কৰিব৷ শ্বাৰজাহত অনুষ্ঠিত হ’বলগীয়া মেচখনত দলটোৰ প্রতিদ্বন্দ্বী হ’ব শক্তিশালী চেন্নাই ছুপাৰ কিংছ৷ উল্লেখ্য যে ৰাজস্থান ৰয়েলছৰ শিবিৰত এইবাৰ অসমৰ চাৰিগৰাকীকৈ খেলুৱৈ আছে৷ উদীয়মান তাৰকা ৰিয়ান পৰাগ দলটোৰ নিয়মীয়া খেলুৱৈ হিচাপে থকাৰ লগতে নেট বলাৰ হিচাপে আছে মৃণ্ময় দত্ত, জিতুমণি কলিতা আৰু ৰাহুল সিং৷ আনহাতে, আইপিএলৰ গৱর্নিং কাউন্সিলে ঘোষণা কৰা সূচী অনুসৰি, এইবাৰৰ আইপিএলত দহখন ডাবল হেডাৰ সন্নিৱিষ্ট কৰা হৈছে৷ অর্থাৎ এই দহ দিনত দুখনকৈ মেচ অনুষ্ঠিত হ’ব৷ ইয়াৰে প্রথমখন বিয়লি ৩.৩০ বজাৰ পৰা আৰু দ্বিতীয়খন নিশা ৭.৩০ বজাৰ পৰা আৰম্ভ হ’ব৷ ২৪খন মেচ ডুবাইত, ২০খন মেচ আবুধাবিত আৰু ১২খন মেচ শ্বাৰজাহত খেলোৱা হ’ব৷ প্লে অফ আৰু ফাইনেলৰ স্থানসমূহ পৰৱর্তী সময়ত ঘোষণা কৰিব বুলি ব’র্ডে জানিবলৈ দিছে৷
মন কৰিবলগীয়া যে আইপিএলৰ বাবে আটাইকেইটা দল ২০–২৩ আগষ্টৰ ভিতৰতে ইউএইত উপস্থিত হৈছে যদিও ব’র্ডে সম্পূর্ণ সূচী ঘোষণা কৰাত বিলম্ব কৰি থকাৰ বাবে অসন্তুষ্ট হৈছিল অধিকাংশ ফ্রেনচাইজী৷ ব’ৰ্ডক শীঘ্রেই সূচী ঘোষণা কৰিবলৈ তেওঁলোকে বাৰম্বাৰ অনুৰোধ জনাইছিল৷ আবুধাবিত শেহতীয়াকৈ ক’ভিড–১৯ৰ সংক্রমণ হঠাৎ ভয়াৱহ হাৰত বৃদ্ধি পোৱাৰ প্রতি লক্ষ্য ৰাখি ব’র্ডে আইপিএলৰ সূচী ঘোষণা কৰাৰ পৰা বিৰত আছিল৷ কিন্তু আজি আইপিএলৰ সূচী ঘোষণা কৰি ব’র্ডে সকলো অনিশ্চয়তা দূৰ কৰিলে৷