দহ বছৰ! ভাৰত-পাকিস্তানৰ মাজত হ’ব নেকি চিৰিজ
বিশেষ বাৰ্তা, ২ এপ্ৰিলঃ ভাৰত-পাকিস্তানৰ খেল বুলি ক’লেই সদায়ে বিশেষ। ক্ৰিকেটৰ পথাৰত ভাৰত-পাকিস্তান মুখামুখী হোৱাৰ দিনাই যেন একত্ৰিত হয় দেশবাসী! ২০১২ চনতেই ভাৰত-পাকিস্তানে অন্তিমখন দ্বিপাক্ষিক চিৰিজ খেলিছিল। তাৰ পাছৰ পৰা দুয়োখন দেশৰ মাজৰ ৰাজনৈতিক-কূটনৈতিক সম্পর্কৰ অৱনতিয়ে ক্ৰিকেটতো প্ৰভাৱ পেলায়। তেতিয়াৰে পৰা দ্বিপাক্ষিক ছিৰিজ বন্ধ হৈ আছে দুয়োখন দেশৰ মাজত। আইচিচিৰ প্রতিযোগিতাৰ বাহিৰেও প্ৰায় এটা দশক পাছত এইবাৰ খেলা দেখা যাব নেকি ভাৰত-পাকিস্তানক। পাকিস্তান ক্রিকেট বোর্ডৰ অধ্যক্ষ ৰামিজ ৰাজাই চাৰিখন দেশক লৈ প্রতিযোগিতাৰ প্রস্তাৱ দিব বুলি জানিব পৰা গৈছে। এই বিষয়ত ভাৰতীয় ক্রিকেট বোর্ডৰ উৎসাহ নাই বুলিও খবৰ প্ৰকাশ হৈছে। অহা ১০ এপ্রিলত ডুবাইত আইচিচিৰ বৈঠক আছে। তাতেই ৰামিজে প্রস্তাৱ দিব পাৰে যে ভাৰত, পাকিস্তান, অষ্ট্ৰেলিয়া আৰু ইংলেণ্ডক লৈ প্রতি বছৰে এখনকৈ প্রতিযোগিতাৰ আয়োজন কৰিব লাগে আইচিচিয়ে। ইয়াৰ জৰিয়তে বহু লাভ হ’ব বুলিও তেওঁ আইচিচিক জনাব পাৰে। আইচিচিৰ সদস্য দেশবোৰে নিজৰ মাজত দুইদেশীয় বা ত্রিদেশীয় প্রতিযোগিতাৰ আয়োজন কৰিব পাৰে।