আগষ্টৰ পূর্বে আৰম্ভ নহয় টীম ইণ্ডিয়াৰ শিবিৰঃ গাংগুলী
নিয়মীয়া বাৰ্তা, ২৯ জুনঃ দেশত দিনকদিনে বৃদ্ধি পাবলৈ ধৰিছে মহামাৰী ক’ৰোনা ভাইৰাছৰ ভয়াৱহতা৷ চীনৰ য়ুহানৰ পৰা উৎপত্তি হোৱা এই ভাইৰাছবিধৰ বাবে বিগত মার্চ মাহৰ পৰাই ভাৰতৰ লগতে অন্যান্য দেশতো সম্পূর্ণৰূপে বন্ধ হৈ আছে ক্রিকেট প্রতিযোগিতাসমূহ৷ দেশখনত ক’ৰোনাৰ ভয়াৱহতা বৃদ্ধি পোৱাৰ পৰিপ্রেক্ষিতত ভাৰতীয় ক্রিকেট দলটোৰ খেলুৱৈসকলে ঘৰতে আবদ্ধ হৈ থাকিবলগীয়া হৈছে৷
দলটোৰ খেলুৱৈসকল কেতিয়া অনুশীলনত নামিব ইয়াক লৈ অনুৰাগীৰ মাজত প্রশ্ণ উত্থাপন হোৱাৰ মাজতে সংবাদ প্রতিষ্ঠানৰে হোৱা এক বার্তালাপত ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ৰ্ডৰ সভাপতি সৌৰভ গাংগুলীয়ে কয় যে আগষ্টৰ পূর্বে ভাৰতীয় ক্রিকেট দলটোৰ অনুশীলন শিবিৰ আৰম্ভ কৰাটোও অসম্ভৱ৷ অৱশ্যে ক্রিকেটাৰসকলে গৃহচহৰৰ নিকটৱর্তী ষ্টেডিয়ামসমূহত নিজৰ অনুশীলন চলাই যাব পাৰিব বুলি উল্লেখ কৰি বি চি চি আইৰ সভাপতিগৰাকীয়ে লগতে কয় যে ভাৰতত দিনকদিনে ক’ৰোনাত আক্রান্ত হোৱা লোকৰ সংখ্যা হোৰাহোৰে বৃদ্ধি পাইছে৷ গতিকে এনে অৱস্থাত ভাৰতীয় ক্রিকেট দলটোৰ অনুশীলন শিবিৰ অনুষ্ঠিত কৰাটোও সম্ভৱপৰ নহয়৷
জুলাই মাহত যদি ক’ৰোনাত আক্রান্ত হোৱা লোকৰ সংখ্যা হ্রাস পায়, তেতিয়াহ’লে আগষ্টৰ মাজভাগত অথবা আগষ্টৰ পিছত টীম ইণ্ডিয়াৰ অনুশীলন শিবিৰ আয়োজন কৰাৰ চিন্তা–চর্চা কৰা হ’ব বুলি সৌৰভ গাংগুলীয়ে সংবাদ প্রতিষ্ঠানটোৰ আগত সদৰী কৰে৷ উল্লেখ্য যে বিগত মার্চ মাহৰ পৰাই ভাৰতত সকলোধৰণৰ ক্রিকেট প্রতিযোগিতা বন্ধ হৈ আছে৷
ক’ৰোনাৰ বাবেই ভাৰতত ক্রিকেট প্রতিযোগিতা আয়োজন কৰাত ব্যাঘাত জন্মিছে বুলি বি চি চি আইৰ সভাপতিগৰাকীয়ে মন্তব্য কৰে৷ উল্লেখ্য যে ২৯ মার্চৰ পৰা বি চি চি আইৰ ঐশ্বর্যশালী ক্রিকেট প্রতিযোগিতা আই পি এল আয়োজন হোৱাৰ কথা আছিল যদিও ক’ৰোনাৰ আতংকৰ বাবে অনির্দিষ্টকাললৈ প্রতিযোগিতাখন পিছুৱাই দিয়া হৈছে৷