নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাত্র ১২ বছৰ বয়সতে গ্রেণ্ড মাষ্টাৰৰ কৃতিত্বঃ সর্বকনিষ্ঠ দবাৰু হিচাপে বিশ্ব অভিলেখ অভিমন্যু মিশ্রৰ

নিয়মীয়া বাৰ্তা, ২ জুলাইঃ মাত্র ১২ বছৰ বয়সতে গ্রেণ্ড মাষ্টাৰৰ সন্মান অর্জন কৰিছে এগৰাকী প্রবাসী ভাৰতীয় দবাৰুৱে৷ অভিমন্যু মিশ্র নামৰ বিৰল প্রতিভাৱান দবা খেলুৱৈগৰাকীয়ে হাংগেৰীত চলি থকা এখন দবা প্রতিযোগিতাত ২৫০০ এল’ ৰেটিং সম্পূর্ণ কৰি এই বিৰল কৃতিত্বৰ অধিকাৰী হৈছে৷ আমেৰিকা যুক্তৰাষ্ট্রৰ নিউ জার্ছিত থকা ভাৰতীয় দবাৰুগৰাকীয়ে গ্রেণ্ড মাষ্টাৰ ছার্জি কার্জাকিনৰ অভিলেখ ভংগ কৰিবলৈ সক্ষম হয়৷

২০০২ৰ ১২ আগষ্টত কার্জাকিনে ১২ বছৰ আৰু সাত মাহ বয়সত গ্রেণ্ড মাষ্টাৰৰ খিতাপ অর্জন কৰিছিল৷ ২০০৯ৰ ৫ ফেব্রুৱাৰীত জন্মগ্রহণ কৰা অভিমন্যু মিশ্রই ১২ বছৰ আৰু ৪ মাহ বয়সত বিশ্বৰ সর্বকনিষ্ঠ দবাৰু হিচাপে গ্রেণ্ড মাষ্টাৰৰ স্বীকৃতি লাভ কৰিছে৷

বিগত কেইবাটাও মাহ ধৰি বুডাপেষ্টত থাকি প্রবাসী ভাৰতীয় দবাৰুগৰাকীয়ে কেইবাখনো প্রতিযোগিতাত অংশ লৈ অৱশেষত আজি গ্রেণ্ড মাষ্টাৰৰ বাবে প্রয়োজনীয় ৰেটিং স্পর্শ কৰিবলৈ সক্ষম হয়৷

You might also like