নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আই পি এলৰ পৰা নাম প্রত্যাহাৰ হৰভজনৰ

নিয়মীয়া বাৰ্তা ৫ ছেপ্টেম্বৰঃ ৰাইনাৰ দৰে হৰভজন সিঙেও ব্যক্তিগত কাৰণৰ বাবে আগন্তুক আই পি এলৰ পৰা নাম প্রত্যাহাৰ কৰিছে৷ আজি এক বিজ্ঞপ্তিত চেন্নাই ছুপাৰ কিংছৰ তাৰকা অফ স্পীনাৰগৰাকীয়ে কয় যে এক ব্যক্তিগত কাৰণৰ বাবে তেওঁ সম্প্রতি পৰিয়ালক সময় দিবলগা হৈছে আৰু ইয়াৰ বাবে অহা ১৯ ছেপ্ঢেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া আই পি এলত তেওঁ অংশ ল’ব নোৱাৰিব৷ এই সিদ্ধান্ত গ্রহণৰ ক্ষেত্রত চেন্নাই ছুপাৰ কিংছে হৰভজনক সম্পূর্ণৰূপে সমর্থন আগবঢ়াইছে বুলিও ক্রিকেটাৰগৰাকীয়ে উল্লেখ কৰে৷ উল্লেখ্য যে ব্যক্তিগত কাৰণৰ বাবে কিছুদিন পূর্বে চেন্নাই ছুপাৰ কিংছৰ তাৰকা বেটছমেন সুৰেশ ৰাইনাই ঐশ্বর্যশালী টি–২০ লীগ আই পি এলৰ পৰা নাম প্রত্যাহাৰ কৰি দেশলৈ উভতি আহে৷ দলটোৰ ১৩গৰাকীকৈ সদস্য ক’ভিড–১৯ত আক্রান্ত হোৱাৰ এদিন পিছতে তেওঁ দেশলৈ উভতি অহাক কেন্দ্র কৰি ইতিমধ্যে চেন্নাই ছুপাৰ কিংছৰ ভিতৰচ’ৰাত তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷ মন কৰিবলগীয়া যে প্রতিযোগিতাখনৰ উদ্বোধনী মেচত চেন্নাই ছুপাৰ কিংছে ডিফেণ্ডিং চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছৰ মুখামুখি হ’ব৷

You might also like