দ্বিতীয়বাৰলৈ পিতৃ হ’ল হৰভজন
নিয়মীয়া বাৰ্তা ১০ জুলাইঃ এই বছৰৰ মাৰ্চ মাহত ভাৰতীয় ক্ৰিকেট দলৰ স্পীনাৰ হৰভজন সিঙে ভাল খবৰটো দিছিল। তেওঁ কৈছিল যে তেওঁ পুনৰবাৰ দেউতাক হ’বলৈ গৈ আছে। গৰ্ভৱতী পত্নী গীতা বাছৰাৰ এখন ফটোও পোষ্ট কৰিছিল। আৰু সেই অপেক্ষা শেষ হ’ল। আজি গীতাই ল’ৰা সন্তান জন্ম দিয়ে। আৰু তাৰ পিছত ভাৰতীয় স্পিনাৰগৰাকীয়ে সামাজিক মাধ্যমত অনুৰাগীসকলৰ সৈতে পিতৃ হোৱাৰ আনন্দ ভাগ বতৰা কৰিছিল।
উল্লেখ্য যে ভাজ্জিয়ে ২০১৫ চনত বলীউডৰ অভিনেত্ৰী গীতাৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল।
ইপিনে টেষ্ট ক্ৰিকেটত হেট্ৰিক লোৱা ভাৰতৰ প্ৰথমজন বলাৰ হৈছে হৰভজন। আই পি এল-২০২১ ছিজনত শেষবাৰৰ বাবে কলকাতা নাইট ৰাইডাৰ্ছৰ হৈ খেলপথাৰত দেখা গৈছিল হৰভজনক।