IPLত খেলাৰ পূর্বে ১০০০ টকাও পকেটত নাছিল হার্দিক পাণ্ডিয়াৰ; গুজৰাট টাইটানছৰ পৰা এতিয়া লাভ কৰে ১৫ কোটি
নিয়মীয়া বাৰ্তা, ৩০ মাৰ্চঃ এইবাৰৰ আই পি এলৰ নৱাগত দল গুজৰাট টাইটানছে ১৫ কোটি টকাৰ বৃহৎ ধনৰাশিৰ বিনিময়ত ক্রয় কৰা টীম ইণ্ডিয়াৰ তাৰকা অলৰাউণ্ডাৰ হার্দিক পাণ্ডিয়াৰ হাতত এটা সময়ত ১০০০ টকাও নাছিল৷ স্থানীয় খেলপথাৰত ক্লাব পর্যায়ৰ মেচ খেলি ১০০০–১২০০ টকা উপার্জন কৰি প্রতিভাৱান অলৰাউণ্ডাৰগৰাকীয়ে পকেট খৰচ উলিয়াইছিল৷ কিন্তু ক্রমান্বয়ে ঘৰুৱা ক্রিকেটত চমকপ্রদ প্রদর্শনেৰে তেওঁ আই পি এলৰ দলৰ দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হয়৷
২০১৫ত প্রতিভাৱান হার্দিকক আই পি এলৰ অন্যতম সফল দল মুম্বাই ইণ্ডিয়ানছে ভিত্তি মূল্য ১০ লাখ টকাত ক্রয় কৰে৷ এয়াই আছিল অলৰাউণ্ডাৰগৰাকীৰ জীৱনৰ টার্নিং পইণ্ট৷ তেতিয়াৰে পৰা তেওঁৰ জীৱনলৈ আহিছে চমকপ্রদ উত্থান৷ ৰোহিত শর্মাৰ নেতৃত্বত মুম্বাই ইণ্ডিয়ানছৰ হৈ দুর্দান্ত প্রদর্শন দাঙি ধৰাৰ সুবাদত হার্দিকক দলটোৱে ২০১৮ত ১১ কোটি টকা আগবঢ়ায়৷ অর্থাৎ মাত্র তিনি বছৰৰ ভিতৰত তাৰকাগৰাকীৰ মূল্য বৃদ্ধি পায় ১১০গুণ৷
আই পি এলত চমক দেখুৱাই ভাৰতীয় দলতো স্থান লাভ কৰিবলৈ সক্ষম হোৱা অলৰাউণ্ডাৰগৰাকীয়ে এইবাৰ গুজৰাট টাইটানছৰ অধিনায়ক হিচাপে অধিক দায়িত্ব লৈ খেলপথাৰত নামিছে৷ এইবাৰৰ আই পি এলত বেটে–বলে উজলি উঠিছে তেওঁ আগন্তুক টি–২০ বিশ্বকাপত ভাৰতীয় দললৈ প্রত্যাৱর্তন ঘটোৱাৰ পূর্ণ সম্ভাৱনা আছে৷ উল্লেখ্য যে শেহতীয়াকৈ এক সাক্ষাৎকাৰত পাণ্ডিয়াই ক্রিকেট কেৰিয়াৰৰ বিভিন্ন উত্থান–পতনক লৈ কেতবোৰ গুৰুত্বপূর্ণ মন্তব্য আগবঢ়াইছে৷