অলিম্পিকলৈ যোগ্যতা অর্জনত ব্যর্থ হিমা দাস
নিয়মীয়া বাৰ্তা ২০ মাৰ্চঃ সমাগত টকিঅ’ অলিম্পিকত দেশক প্রতিনিধিত্ব কৰাৰ সপোন ভংগ হৈছে অসম কন্যা হিমা দাসৰ৷ পাটিয়ালাত অনুষ্ঠিত ফেডাৰেচন কাপ ছিনিয়ৰ ৰাষ্ট্রীয় এথলেটিকছ প্রতিযোগিতাৰ ২০০ মিটাৰত তেওঁ শুকুৰবাৰে স্বর্ণপদক অর্জন কৰে যদিও অলিম্পিকৰ যোগ্যতা নির্ণায়ক মাপকাঠী স্পর্শ কৰিব নোৱাৰিলে৷
২০০ মিটাৰৰ ফাইনেলত হিমাই ২৩.২১ ছেকেণ্ডেৰে তামিলনাডুৰ নৱতম চাঞ্চল্য ধনলক্ষ্মীক পৰাস্ত কৰে৷ উল্লেখ্য যে অলিম্পিকৰ ২০০ মিটাৰৰ বাবে কোৱালিফিকেচন মার্ক আছিল ২২.৮০ ছেকেণ্ড৷ ইয়াৰ পূর্বে ১০০ মিটাৰত হিমা ফলছ ষ্টার্টৰ বাবে অযোগ্য ঘোষিত হৈছিল৷