শতকেৰে সমালোচকক প্রত্যুত্তৰ হিটমেনৰ
নিয়মীয়া বাৰ্তা ১৪ ফেব্ৰুৱাৰীঃ ৯টা ইনিংছৰ পিছত অৱশেষত টেষ্ট ক্রিকেটত শতক অর্জন কৰিলে ৰোহিত শর্মাই৷ টীম ইণ্ডিয়াৰ তাৰকা অ’পেনাৰগৰাকীয়ে চেন্নাইত আজিৰে পৰা আৰম্ভ হোৱা দ্বিতীয় টেষ্টৰ প্রথম দিনা দর্শনীয় বেটিঙেৰে কেৰিয়াৰৰ সপ্তমটো টেষ্ট শতক সম্পূর্ণ কৰিবলৈ সক্ষম হয়৷ ১৩০টা বলত শতক সম্পূর্ণ কৰা তাৰকাগৰাকীয়ে ইয়াৰ পূর্বে অষ্ট্রেলিয়াৰ বিৰুদ্ধে তিনিখন টেষ্ট আৰু ইংলেণ্ডৰ বিৰুদ্ধে প্রথম টেষ্টত ব্যর্থ হৈছিল৷
সুন্দৰ আৰম্ভণি লাভ কৰিও দীঘলীয়া ইনিংছ খেলিব নোৱাৰাৰ বাবে ৰোহিত ক্রিকেট বিশেষজ্ঞৰ চোকা সমালোচনাৰ সন্মুখীন হ’বলগীয়া হয়৷ কিন্তু আজিৰ শতকীয় ইনিংছটোৰে অ’পেনাৰগৰাকীয়ে সমালোচকক যোগ্য প্রত্যুত্তৰ দিবলৈ সক্ষম হয়৷ ২০১৯ৰ নৱেম্বৰত বাংলাদেশৰ বিৰুদ্ধে তেওঁ অন্তিমটো টেষ্ট শতক অর্জন কৰিছিল৷ ইফালে শ্রীলংকা, ৱেষ্ট ইণ্ডিজ, দক্ষিণ আফ্রিকা আৰু ইংলেণ্ডৰ বিৰুদ্ধে ক্রিকেটৰ আটাইকেইটা সংস্কৰণত শতক অর্জন কৰা প্রথমগৰাকী বেটছমেন হিচাপেও অভিলেখ ৰচিছে টীম ইণ্ডিয়াৰ তাৰকাগৰাকীয়ে৷ ১৬১ ৰানৰ আকর্ষণীয় ইনিংছ খেলি তেওঁ আউট হয়৷