মই ক’ভিডত আক্রান্ত নহয়ঃ লাৰা
নিয়মীয়া বাৰ্তা ৭ আগষ্টঃ ৱেষ্ট ইণ্ডিজৰ একালৰ কিংবদন্তি বেটছমেন ব্রায়ান লাৰা ক’ৰোনা ভাইৰাছত আক্রান্ত বুলি প্রকাশিত বাতৰি সত্য নহয়৷ ইয়াক উৰাবাতৰি আখ্যা দি প্রাক্তন ক্রিকেটাৰগৰাকীয়ে আজি স্পষ্ট কৰিছে যে তেওঁৰ ক’ভিড–১৯ টেষ্টৰ ফলাফল নিগেটিভ আহিছে৷ ‘মই ক’ৰোনা ভাইৰাছত আক্রান্ত বুলি চৌদিশে এক উৰাবাতৰি বিয়পি পৰিছে৷ সেয়ে ব্যক্তিগতভাৱে মই বিষয়টো স্পষ্ট কৰিব বিচাৰোঁ যে এয়া কেৱল মিছা বাতৰিয়েই নহয়, সমাজত আতংক সৃষ্টি কৰাৰো ই এক অপচেষ্টা৷’ –ব্রায়ান লাৰাই ইনষ্টাগ্রামত এইদৰে কৈছে৷ বিশ্বৰ ভিন্ন প্রান্তত মহামাৰী ক’ভিড–১৯ত আক্রান্ত লোকসকলৰ আশু আৰোগ্য কামনা কৰি ৱেষ্ট ইণ্ডিজৰ মহান বেটছমেনগৰাকীয়ে লগতে কয় যে আগন্তুক আইপিএল উপভোগ কৰিবলৈ তেওঁ আগ্রহেৰে অপেক্ষা কৰিছে৷ উল্লেখ্য যে এছিয়া আৰু ইউৰোপৰ দেশসমূহত মহামাৰী ক’ৰোনা ভাইৰাছে কালৰূপ ধাৰণ কৰিলেও কেৰিবিয়ান দেশখনত ভাইৰাছৰ ব্যাপক ৰূপ দেখিবলৈ পোৱা নাই৷