নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এইবাৰ আইপিএলৰ টাইটেল স্প’নছৰ নহয় ভিভ’

নিয়মীয়া বাৰ্তা ৭ আগষ্টঃ  ভাৰতত চাইনিছ কোম্পানীৰ বিৰুদ্ধে ক্ষোভৰ জুই জ্বলি থকাৰ সময়তে ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডে এবছৰৰ বাবে চীনৰ ম’বাইল নির্মাণ কোম্পানী ভিভ’ৰ সৈতে সম্পর্ক ছেদ কৰিছে৷ দুদিন পূর্বে এই সম্ভাৱনা স্পষ্ট হৈছিল যদিও বৃহস্পতিবাৰে বিচিচিআয়ে আনুষ্ঠানিকভাৱে ঘোষণা কৰে যে আগন্তুক আইপিএলত টাইটেল স্পনছৰ হিচাপে জড়িত নাথাকে ভিভ’ কোম্পানী৷ ‘ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ড আৰু ভিভ’ ম’বাইল ইণ্ডিয়া প্রাইভেট লিমিটেডে চলিত বর্ষৰ আইপিএলৰ বাবে তেওঁলোকৰ অংশীদাৰিত্ব প্রত্যাহাৰ কৰিছে৷’ –ব’র্ডে এক প্রেছ বিজ্ঞপ্তিত এইদৰে উল্লেখ কৰিছে৷ মন কৰিবলগীয়া যে ২০১৭ত ভিভ’ আৰু বিচিচিআইৰ মাজত ২,১৯৯ কোটি টকাৰ বিনিময়ত পাঁচ বছৰৰ বাবে চুক্তি স্বাক্ষৰিত হৈছিল৷ কিন্তু যোৱা মাহত চীনা সৈন্যৰ বর্বৰ আক্রমণত লাডাখ সীমান্তত ভাৰতৰ ২০গৰাকী সেনা জোৱান শ্বহীদ হোৱাৰ পাছতে ভাৰতত চীনা সামগ্রী বর্জনৰ ঢ়ৌ উঠে৷ অৱশ্যে বিচিচিআয়ে জনসাধাৰণৰ প্রতিবাদ আওকাণ কৰি কিছুদিন পূর্বে চাইনিছ কোম্পানী ভিভ’ৰ সৈতে চুক্তি অব্যাহত ৰাখিব বুলি স্পষ্ট কৰিছিল৷ বিচিচিআই নিজৰ স্থিতিত স্পষ্ট থাকিলেও চাইনিছ কোম্পানীটোৱে ভাৰতীয় নাগৰিকৰ তীব্র ক্ষোভ আৰু প্রতিবাদৰ ওচৰত সেও মানি নিজেই আইপিএলৰ টাইটেল স্পনছৰশ্বিপ ত্যাগ কৰাৰ কথা সদৰী কৰিছিল৷ ইয়াৰ পাছতে বিচিচিআয়ে আজি আনুষ্ঠানিকভাৱে এই কথা ঘোষণা কৰে৷

You might also like