ড্র–টাই হ’লে যুগ্ম বিজয়ী হ’ব ভাৰত–নিউজিলেণ্ডঃ আইচিচিৰ ঘোষণা
নিয়মীয়া বাৰ্তা ২৯ মেঃ ইংলেণ্ডৰ ছাউদাম্পটনত অহা ১৮–২২ জুনত অনুষ্ঠিত হ’বলগীয়া বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল ড্র অথবা টাই হ’লে ভাৰত আৰু নিউজিলেণ্ড উভয় দলকে যুগ্ম বিজয়ী ঘোষণা কৰা হ’ব৷ বিশ্ব ক্রিকেটৰ সর্বোচ্চ সংস্থা আইচিচিয়ে আজি আনুষ্ঠানিকভাৱে এই কথা সদৰী কৰে৷
‘বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ ফলাফল নির্ণয়ৰ বাবে অতিৰিক্ত দিন খেলোৱা নহয়৷ নির্ধাৰিত ৫ দিনৰ ভিতৰত মেচখন অমীমাংসিতভাৱে সামৰণি পৰিলে উভয় দলকে চেম্পিয়ন ঘোষণা কৰা হ’ব৷ অৱশ্যে নির্ধাৰিত ৫ দিনত বৰষুণ অথবা বেয়া বতৰৰ বাবে সময় নষ্ট হ’লে সেইখিনি সময় সম্পূর্ণ কৰিবলৈ ৰিজার্ভ ডে’ৰ ব্যৱস্থা থাকিব৷ এই বিষয়ত আইচিচিৰ মেচ ৰেফাৰীয়ে মেচৰ সময়ত উভয় দলকে নিয়মসমূহ অৱগত কৰাই থাকিব৷’– আইচিচিয়ে এইদৰে কয়৷
ইফালে, ফাইনেল মেচখন গ্রেড–১ ডিউক বলেৰে খেলোৱা হ’ব বুলিও আচিচিয়ে স্পষ্ট কৰিছে৷ সাধাৰণতে ভাৰতে ঘৰৰ মাটিত এছজি বল আৰু নিউজিলেণ্ডে ঘৰৰ মাটিত ক’কাবুৰা বল ব্যৱহাৰ কৰে৷ আইচিচিয়ে আৰম্ভণিতে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ বাবে অতিৰিক্ত দিন সংযুক্ত কৰাৰ কথা চিন্তা–চর্চা কৰিছিল যদিও শেষ মুহূর্তত পৰম্পৰাগত নীতি বাহাল ৰাখি পাঁচদিনৰ ভিতৰতে মেচ সমাপ্ত কৰাৰ সিদ্ধান্ত গ্রহণ কৰে৷