নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২০২১তো পঞ্জাব দলত থাকিব ৰাহুল–কুম্বলে

নিয়মীয়া বাৰ্তা ১১ নৱেম্বৰঃ ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ৰ্ডৰ ঐশ্বর্যশালী ক্রিকেট প্রতিযোগিতা ইণ্ডিয়ান প্রিমিয়াৰ লীগৰ চর্তুদশ সংস্কৰণটোতো অধিনায়ক লোকেশ ৰাহুল আৰু মুখ্য প্রশিক্ষক অনিল কুম্বলেক কিংছ একাদশ পঞ্জাবত দেখা পোৱাৰ পূর্ণ সম্ভাৱনা আছে৷ ফ্রেনচাইজীটোৱে ৰাহুল আৰু অনিল কুম্বলেক ২০২১ চনতো দলটোত ৰখাৰ ইচ্ছা প্রকাশ কৰিছে বুলি এক নির্ভৰযোগ্য সূত্রত সদৰী৷

সংযুক্ত আৰব আমীৰ শ্বাহীত অনুষ্ঠিত প্রিমিয়াৰ লীগৰ ত্রয়োদশ সংস্কৰণটোত পঞ্জাব দলটো ষষ্ঠ স্থানত থাকিলেও আগন্তুক ছিজনত ৰাহুলক দলটোৰ পুনৰ অধিনায়কৰ দায়িত্ব দিয়াৰ পূর্ণ সম্ভাৱনা আছে৷

ইপিনে, অনিল কুম্বলেকো মুখ্য প্রশিক্ষকৰ দায়িত্ব দিয়াৰ সম্ভাৱনা আছে যদিও চলিত আই পি এলত বিশেষ উন্নত প্রদর্শন দাঙি ধৰিব নোৱৰা অষ্ট্রেলিয়াৰ অলৰাউণ্ডাৰ গ্লেন মেক্সৱেল আৰু ৱেষ্ট ইণ্ডিজৰ পেচ বলাৰ ছেল্ডন কটৰেলক পঞ্জাবে বাদ দিয়াৰ অধিক সম্ভাৱনা আছে৷

মন কৰিবলগীয়া যে মেক্সৱেলক ১০.৭৫ কোটিত আৰু কটৰেলক ৮.৫ কোটিত ক্রয় কৰিছিল পঞ্জাব দলটোৱে৷ ইপিনে, আগন্তুক বর্ষত পঞ্জাবে দলটোৰ মিডল অর্ডাৰ আৰু বলিং বিভাগত বিশেষ গুৰুত্ব দিয়াৰ সম্ভাৱনা আছে বুলি নির্ভৰযোগ্য সূত্রটোত সদৰী৷

You might also like