নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাকিস্তান শক্তিশালী দলঃ কোহলি

নিয়মীয়া বাৰ্তা, ২৪ অক্টোবৰঃ বর্তমানৰ পাকিস্তানৰ দলটো অত্যন্ত শক্তিশালী আৰু তেওঁলোকৰ বিৰুদ্ধে জয়ী হ’বলৈ আমি উৎকৃষ্ট প্রদর্শন দাঙি ধৰিব লাগিব৷ দেওবাৰে টি–২০ বিশ্বকাপত চিৰবৈৰী পাকিস্তানৰ বিৰুদ্ধে খেলপথাৰত নমাৰ পূর্বে শনিবাৰে এক ভার্চুৱেল সংবাদ মেলত এই কথা প্রকাশ কৰে টীম ইণ্ডিয়াৰ অধিনায়ক বিৰাট কোহলিয়ে৷

তেওঁ কয় যে ভাৰতে টি–২০ অথবা ৫০ অভাৰৰ বিশ্বকাপত পাকিস্তানৰ বিৰুদ্ধে সকলো মেচত জয় সাব্যস্ত কৰিছে যদিও পূর্বৰ অভিলেখক লৈ দলটো আত্মতুষ্টিত ভোগা নাই৷ ‘আমি কেতিয়াও পূর্বৰ পৰিসংখ্যাক লৈ আলোচনা কৰা নাই৷ পূর্বৰ অভিলেখ আৰু প্রদর্শনৰ ওপৰত গুৰুত্ব দিয়াৰ সলনি আমি দেওবাৰৰ দিনটোত কিদৰে উন্নত খেল প্রদর্শন কৰিব পাৰোঁ তাৰ ওপৰত মনোনিৱেশ কৰিছোঁ৷ প্রতিপক্ষৰ শক্তিৰ প্রতি লক্ষ্য ৰাখি প্রস্তুতি চলাইছোঁ৷ পাকিস্তান দলটো যথেষ্ট শক্তিশালী আৰু তেওঁলোকৰ দলটোত কেইবাগৰাকীও প্রতিভাৱান খেলুৱৈ আছে’– কোহলিয়ে এইদৰে কয়৷

ইফালে টীম ইণ্ডিয়াৰ তাৰকা অলৰাউণ্ডাৰ হার্দিক পাণ্ডিয়াক এগৰাকী মেচ উইনাৰ খেলুৱৈ আখ্যা দি অধিনায়ক কোহলিয়ে কয় যে পাণ্ডিয়াই দক্ষতা আৰু প্রতিভাৰ বলত কেইবাখনো মেচত ভাৰতক ৰোমাঞ্চকৰ জয়ৰ সোৱাদ দিবলৈ সক্ষম হৈছে৷ অতি শীঘ্রে তেওঁ ভাৰতৰ হৈ বলিং কৰিব পাৰিব বুলিও অধিনায়কগৰাকীয়ে উল্লেখ কৰে৷

মন কৰিবলগীয়া যে ২০১৬ত অভিষেক ঘটাৰে পৰা হার্দিক পাণ্ডিয়াই চমকপ্রদ প্রদর্শনেৰে ভাৰতৰ আগশাৰীৰ অলৰাউণ্ডাৰ হিচাপে নিজকে প্রতিষ্ঠিত কৰিছে৷ কিন্তু শেহতীয়াকৈ পিঠিৰ আঘাতৰ বাবে তেওঁ বলিং কৰিব পৰা নাই আৰু বেটিঙতো পূর্বৰ চোক হ্রাস পাইছে৷

You might also like