নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মটেৰাত ভাৰত–ইংলেণ্ডৰ দিবা–নৈশ টেষ্ট

নিয়মীয়া বাৰ্তা, ১১ ডিচেম্বৰঃ মহামাৰী ক’ৰোনা ভাইৰাছে বিশ্বৰ ক্রীড়া জগতক স্তব্ধ কৰাৰ পিছত অহা বর্ষৰ ফেব্রুৱাৰীত ভাৰতত প্রথমবাৰৰ বাবে অনুষ্ঠিত হ’ব আন্তঃৰাষ্ট্রীয় ক্রিকেট মেচ৷ ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডে  ঘোষণা কৰা অনুসৰি আগন্তুক বর্ষৰ ৫ ফেব্রুৱাৰীত টীম ইণ্ডিয়াই ইংলেণ্ডৰ বিৰুদ্ধে প্রথম টেষ্ট খেলি দীঘলীয়া ঘৰুৱা ক্রিকেট ছিজনৰ আৰম্ভণি ঘটাব৷ চাৰিখন টেষ্ট মেচৰ শৃংখলাটোৰ প্রথম দুখন মেচ চেন্নাইত অনুষ্ঠিত হ’ব৷ প্রথম টেষ্ট ৫–৯ ফেব্রুৱাৰীত আৰু দ্বিতীয় টেষ্ট ১৩–১৭ ফেব্রুৱাৰীত চেন্নাইত খেলোৱা হ’ব বুলি ব’ডৰ সচিব জয় শ্বাহে জানিবলৈ দিছে৷

‘ক’ৰোনা মহামাৰীয়ে সৃষ্টি কৰা পৰিৱেশৰ প্রতি লক্ষ্য ৰাখি ইংলেণ্ড দলে আগন্তুক শৃংখলাত দেশৰ বিভিন্ন প্রান্ত পৰিভ্রমণ নকৰে৷ শৃংখলাটোৰ বাবে বি চি চি আয়ে মাত্র তিনিখন চহৰত জৈৱ সুৰক্ষিত আৱেষ্টনী তৈয়াৰ কৰিব৷ আহমেদাবাদত দুখন টেষ্ট আৰু পাঁচখন টি–২০ অনুষ্ঠিত হ’ব৷ বাকী দুখন টেষ্ট চেন্নাইত অনুষ্ঠিত হোৱাৰ বিপৰীতে পুনেত তিনিখন এদিনীয়া মেচ খেলোৱা হ’ব৷’ জয় শ্বাহে এইদৰে কয়৷ মন কৰিবলগীয়া যে বিশ্বৰ সর্ববৃহৎ ক্রিকেট ষ্টেডিয়াম হিচাপে চিহ্ণিত আহমেদাবাদৰ অত্যাধুনিক মটেৰা ষ্টেডিয়ামে অহা ২৪–২৮ ফেব্রুৱাৰীত ভাৰত আৰু ইংলেণ্ডৰ মাজত ঐতিহাসিক দিবা–নৈশ টেষ্ট মেচ আয়োজন কৰিব৷ ক্রিকেট ইতিহাসত ভাৰতৰ বাবে এয়া হ’ব দ্বিতীয়খন দিবা–নৈশ টেষ্ট মেচ৷

ইয়াৰ পূর্বে বিৰাট কোহলি নেতৃত্বাধীন দলটোৱে যোৱা বছৰ ইডেন গার্ডেনত বাংলাদেশৰ বিৰুদ্ধে দেশৰ ইতিহাসৰ প্রথমখন দিবা–নৈশ টেষ্ট খেলিছিল৷ নৱনির্মিত মটেৰা ষ্টেডিয়ামতে ১২, ১৪, ১৬, ১৮ আৰু ২০ মার্চত পাঁচখন টি–২০ মেচ অনুষ্ঠিত হ’ব৷ ইয়াৰ পিছতে ২৩, ২৬, ২৮ মার্চত পুনেত ভাৰত আৰু ইংলেণ্ডে তিনিখন মেচৰ এদিনীয়া শৃংখলা খেলিব৷

You might also like