নিয়মীয়া বাৰ্তা ৩ ফেব্ৰুৱাৰীঃ সমাগত টেষ্ট শৃংখলাত টীম ইণ্ডিয়াক ফেভাৰিট আখ্যা দিছে ইংলেণ্ডৰ প্রাক্তন ক্রিকেটাৰ কেভিন পিটাৰছেনে৷ অধিনায়ক বিৰাট কোহলিৰ আগমনে ঘৰুৱা দলটোৰ শক্তি দুগুণে বৃদ্ধি কৰা বুলি উল্লেখ কৰি একালৰ ষ্টাইলিছ মিডল অর্ডাৰ বেটছমেনগৰাকীয়ে কয় যে ইংলেণ্ডে প্রথম দুখন মেচত জ’নী বিয়েৰষ্ট’ অবিহনে খেলপথাৰত নামিব আৰু ইয়াৰ বিপৰীতে টীম ইণ্ডিয়াই পূর্ণ শক্তিৰে যুঁজ দিবলৈ সাজু হৈছে৷ ‘ঘৰৰ মাটিত টীম ইণ্ডিয়া সদায়েই শক্তিশালী৷ শেহতীয়াকৈ অষ্ট্রেলিয়াৰ মাটিত অষ্ট্রেলিয়াক হৰুৱাই উজ্জীৱিত হৈ থকা দলটোলৈ ইতিমধ্যে উভতি আহিছে অধিনায়ক বিৰাট কোহলি৷ ইফালে, ইংলেণ্ডে প্রথম দুখন মেচৰ বাবে তেওঁলোকৰ শ্রেষ্ঠ দল গঠন নকৰিলে৷ জ’নী বিয়েৰষ্ট’ৰ দৰে অভিজ্ঞ খেলুৱৈক বিশ্রাম দিয়াটো উচিত হোৱা নাই৷ ভাৰতক ঘৰৰ মাটিত ৰোধ কৰাটো তেওঁলোকৰ বাবে অত্যন্ত কঠিন হ’ব৷ এই মুহূর্তত টীম ইণ্ডিয়া ১০০ শতাংশ ফেভাৰিট৷’ পিটাৰছেনে ষ্টাৰ স্প’টছৰ এক অনুষ্ঠানত এইদৰে কয়৷ ইফালে, অষ্ট্রেলিয়াত আজিংক্য ৰাহানেৰ নেতৃত্বত ভাৰতে অবিশ্বাস্য প্রদর্শনেৰে ঐতিহাসিক টেষ্ট শৃংখলা জয়ৰ পিছত নিয়মীয়া অধিনায়ক বিৰাট কোহলিয়ে কিদৰে দলৰ নেতৃত্বৰ ভাৰ পুনৰ গ্রহণ কৰে, সেয়া লক্ষণীয় হ’ব বুলিও ইংলেণ্ডৰ প্রাক্তন ক্রিকেটাৰগৰাকীয়ে উল্লেখ কৰে৷ উল্লেখ্য যে ভাৰত আৰু ইংলেণ্ডৰ মাজত অহা ৫ ফেব্রুৱাৰীৰ পৰা বহু প্রত্যাশিত টেষ্ট শৃংখলা আৰম্ভ হ’ব৷ শৃংখলাৰ প্রথম দুখন টেষ্ট চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত খেলোৱা হ’ব৷
Prev Post
Next Post
You might also like