৫ নৱাগতক অন্তর্ভুক্ত কৰি অষ্ট্রেলিয়াৰ ১৭জনীয়া দল ঘোষণা
নিয়মীয়া বাৰ্তা, ১৩ নবেম্বৰঃ টীম ইণ্ডিয়াৰ বিপক্ষে খেলিবলগীয়া ব’ডাৰ–গাভাস্কাৰ ট্রফী চাৰিখনীয়া টেষ্ট শৃংখলাটোৰ বাবে ১৭জনীয়া দল ঘোষণা কৰিছে ঘৰুৱা দল অষ্ট্রেলিয়াই৷ ১৭ ডিচেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া টেষ্ট শৃংখলাটোৰ বাবে ঘোষণা কৰা ঘৰুৱা দলটোত পাঁচগৰাকী নৱাগত খেলুৱৈয়ে স্থান লাভ কৰিবলৈ সক্ষম হৈছে৷ নৱাগত খেলুৱৈকেইগৰাকী হ’ল– বেটছমেন উইল পুকভস্কি, কেমেৰুন গ্রীন, পেচ বলাৰ ছীন এবট, লেগ স্পীনাৰ মিচেল ছুৱেপছন আৰু অলৰাউণ্ডাৰ মাইকেল নেচাৰ৷ ঘৰুৱা ক্রিকেটত শেহতীয়াভাৱে দাঙি ধৰা উল্লেখনীয় অৱদানৰ বাবে নৱাগত খেলুৱৈ তিনিগৰাকীক অষ্ট্রেলিয়াৰ টেষ্ট দলটোত অন্তর্ভুক্ত কৰাৰ সিদ্ধান্ত গ্রহণ কৰে অষ্ট্রেলিয়া ক্রিকেট দলৰ নির্বাচকমণ্ডলীয়ে৷
ক্রিকেট অষ্ট্রেলিয়াৰ মুখ্য নির্বাচক ট্রেভৰ হ’নছে কয় যে শ্বেফিল্ড শ্বিল্ডত প্রতিভাৱান বেটছমেন ২২ বছৰীয়া পুকভস্কিয়ে ক্রমাগতভাৱে দুটাকৈ দ্বিশতক অর্জন কৰি চমক দেখুৱাবলৈ সক্ষম হৈছে৷ ইফালে, টেষ্ট দলটোৰ নেতৃত্ব অর্পণ কৰিছে টিম পেইনৰ ওপৰত৷
আনহাতে, সহঃ অধিনায়কৰ দায়িত্ব দিছে পেচ বলাৰ পেট কামিনছক৷ শৃংখলাটোৰ বাবে অষ্ট্রেলিয়া দলটো হ’ল– টিম পেইন, ছীন এবট, জ’ বার্নছ, পেট কামিনছ, কেমেৰুন গ্রীন, জ’ছ হেজলউড, ট্রেভিছ হেড, মার্নাছ লাবুছানে, নাথান লিয়ন, মাইকেল নেচাৰ, জেমছ পেটিনছন, উইল পুকভস্কি, ষ্টিভ স্মিথ, মিচেল ষ্টার্ক, মিচেল ছুৱেপছন, মেথিউ ৱেড আৰু ডেভিদ ৱার্নাৰ৷