নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিল্লীত আজিৰে পৰা টীম ইণ্ডিয়া–অষ্ট্রেলিয়াৰ দ্বিতীয় টেষ্ট

নিয়মীয়া বাৰ্তা, ১৭ ফেব্ৰুৱাৰী: ঘৰুৱা দল টীম ইণ্ডিয়া আৰু অষ্ট্রেলিয়াৰ মাজত চাৰিখনীয়া টেষ্ট শৃংখলাৰ দ্বিতীয়খন টেষ্ট আজিৰে পৰা নতুন দিল্লীৰ ফিৰোজশ্বাহ কোটলা ষ্টেডিয়ামত অনুষ্ঠিত হৈছে৷ ইতিমধ্যে নাগপুৰত অনুষ্ঠিত প্রথমখন টেষ্টত ইনিংছৰ ব্যৱধানত জয়লাভ কৰি আত্মবিশ্বাস তুংগত থকা ভাৰতীয় দলটোৱে আজিৰ পৰা আৰম্ভ হোৱা দ্বিতীয়খন টেষ্টতো বৃহৎ জয়ৰ লক্ষ্যৰে অৱতীর্ণ হৈছে৷ অৱশ্যে টেষ্টখনত ভাগ লোৱাৰ পূর্বে দলটোৰ আগশাৰীৰ বেটাৰৰ দুর্বল প্রদর্শনক লৈ কিছু পৰিমাণে চিন্তিত হৈ পৰিছে টীম ইণ্ডিয়াৰ অধিনায়ক ৰোহিত শর্মা৷ নাগপুৰ টেষ্টত ৰোহিত শর্মাৰ বাহিৰে আগশাৰীৰ কোনো বেটাৰে দীঘলীয়া ইনিংছ খেলিবলৈ সক্ষম নহ’ল৷ তাৰকা বেটাৰ বিৰাট কোহলিৰ লগতে শ্বেটেশ্বৰ পূজাৰা, লোকেশ ৰাহুল আৰু সূর্যকুমাৰ যাদৱে ক্রিজত অধিক সময় তিষ্ঠিৱ নোৱাৰিলে৷ কাইলৈ শততম টেষ্টত ভাগ ল’বলগীয়া পূজাৰাই দীঘলীয়া ইনিংছ খেলি টেষ্টখন স্মৰণীয় কৰি ৰাখিব বুলি বিশ্বাস অধিনায়ক ৰোহিত শর্মাৰ৷

শেহতীয়াভাৱে লোকেশ ৰাহুলৰ ধাৰাবাহিক ব্যর্থতাই বাৰুকৈয়ে চিন্তাত ৰাখিছে অধিনায়ক ৰোহিত শর্মাক৷ ৰাহুলৰ এই দুর্বল ফর্মৰ বাবে ক্রিকেট বিশেষজ্ঞই দিল্লী টেষ্টৰ পৰা বাদ দিবলৈও মতামত দাঙি ধৰিছে৷ আঘাতৰ পৰা সম্পূর্ণৰূপে সুস্থ হৈ উঠিছে আয়াৰ৷

You might also like