নিয়মীয়া বাৰ্তা ২১ জুনঃ নিউজিলেণ্ডৰ বিপক্ষে ছাউদাম্পটনত খেলি থকা বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল মেচখনত ২১৭ ৰানতে প্রথম ইনিংছ সামৰিলে বিৰাট কোহলি নেতৃত্বাধীন টীম ইণ্ডিয়াই৷ বর্ষাবিঘ্ণিত টেষ্টখনত দ্বিতীয়দিনা তিনি উইকেটত কৰা ১৪৬ ৰানৰ পৰা ইনিংছ মুকলি কৰিবলৈ আহি ভাৰতীয় দলটোৱে আজি তৃতীয় দিনৰ ভোজন বিৰতিৰ কিছু সময় পিছতে ২১৭ ৰান কৰি প্রথম ইনিংছ সামৰে৷ আগদিনা ৪৪ ৰানত অপৰাজিত হৈ থকা অধিনায়ক কোহলিয়ে আজি কোনো ৰান নকৰাকৈ পেভিলয়নমুখী হয়৷ কোহলিয়ে বিদায় লোৱাৰ পিছত উইকেটকীপাৰ বেটছমেন ঋষভ পণ্টে আজিংক্য ৰাহানেক সংগ দিয়ে যদিও দীঘলীয়া যুটি বন্ধাত ব্যর্থ হয়৷ মাত্র ৪ ৰান কৰি পণ্ট পেভিলিয়নমুখী হয়৷
ইপিনে, আগদিনা ২৯ ৰানত বেটিং কৰি থকা ৰাহানে মাত্র ১ ৰানৰ বাবে অর্ধশতকৰ পৰা বঞ্চিত হয়৷ ব্যক্তিগত ৪৯ ৰানত ৱাগনাৰৰ বলত লাথামৰ হাতত কেচ তুলি দি বিদায় লয় ৰাহানেই৷ ৰাহানেই বিদায় লোৱাৰ পিছত জাদেজা আৰু অশ্বিনে সুন্দৰ বেটিং প্রদর্শন কৰিছিল৷ দুয়োৰে মাজত সপ্তম উইকেটত ২৩ ৰান সংগ্রহ হোৱাৰ সময়তে অশ্বিনে ব্যক্তিগত ২২ ৰানত বিদায় লয়৷ অশ্বিন আউট হোৱাৰ পিছতে বাকীসকল বেটছমেনে ক্রিজত অধিক সময় তিষ্ঠিব নোৱাৰিলে৷ জাদেজাই ১৫ ৰানৰ অৱদান আগবঢ়ায়৷ নিউজিলেণ্ডৰ হৈ কাইল জেমিছনে সর্বাধিক ৫টা উইকেট লাভ কৰাৰ লগতে ট্রেণ্ট ব’ল্ট আৰু নেইল ৱাগনাৰ উভয়ে দুটাকৈ তথা ছাউদীয়ে এটা উইকেট লাভ কৰে৷
ইপিনে, প্রথম ইনিংছ মুকলি কৰিবলৈ আহি সুন্দৰ আৰম্ভণি কৰিছে নিউজিলেণ্ডে৷ আজি তৃতীয় দিনৰ খেলৰ অন্তলৈকে নিউজিলেণ্ডে প্রথম ইনিংছত দুটা উইকেট হেৰুৱাই ১০১ ৰান সংগ্রহ কৰিছে৷ দিনান্তত কেন উইলিয়ামছনে ১২ আৰু ৰ’ছ টেইলৰে কোনো ৰান নকৰাকৈ বেটিং কৰি আছে৷ অ’পেনাৰ টম লাথামে ৩০ আৰু ডেভন ক’নৱেই ৫৪ ৰান কৰি পেভিলিয়নমুখী হয়৷ লাথাম আৰু কন’ৱেই প্রথম উইকেটৰ যুটিত ৭০ ৰান সংগ্রহ কৰিছিল৷ ভাৰতৰ হৈ ঈশান্ত শর্মা আৰু অশ্বিনে এটাকৈ উইকেট লাভ কৰে৷