নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৰুত্বপূর্ণ হ’ব যুৱ খেলুৱৈৰ বাবে

শ্রীলংকা ভ্রমণ সন্দর্ভত দ্রাবিড়ৰ মন্তব্য

নিয়মীয়া বাৰ্তা ২৮ জুনঃ সমাগত শ্রীলংকা ভ্রমণ ভাৰতীয় যুৱ খেলুৱৈসকলৰ বাবে অত্যন্ত গুৰুত্বপূর্ণ হ’ব৷ কেৰিয়াৰ গঢ়াৰ ক্ষেত্রত তেওঁলোকৰ বাবে এই ভ্রমণ এক সুৱর্ণ সুযোগ৷ শিখৰ ধাৱনৰ নেতৃত্বত গঠিত ভাৰতীয় যুৱ খেলুৱৈসকলে শ্রীলংকা ভ্রমণলৈ সাজু হোৱাৰ সময়তে এই তাৎপর্যপূর্ণ মন্তব্য আগবঢ়াইছে দলটোৰ মুখ্য প্রশিক্ষক ৰাহুল দ্রাবিড়ে৷ নিয়মীয়া প্রশিক্ষক ৰবি শাস্ত্রী বিৰাট কোহলি বাহিনীৰ সৈতে ইংলেণ্ডত ব্যস্ত থকাৰ বাবে দ্বিতীয় শ্রেণীৰ ভাৰতীয় দলটোৰ প্রশিক্ষকৰ দায়িত্ব লাভ কৰা দ্রাবিড়ে দেওবাৰে এক সংবাদ মেলত কয় যে তিনিখন এদিনীয়া আৰু তিনিখন টি–২০ মেচৰ চমু শৃংখলাটোত আটাইকেইগৰাকী খেলুৱৈয়ে সুযোগ পোৱাটো অবাস্তৱ কথা৷ পৃথ্বি শ্ব’, দেৱদত্ত পাড়িকাল, ঋতুৰাজ গাইকোৱাড, সূর্য কুমাৰ যাদৱ, ঈশান কিষণ, সঞ্জু চেমছন আদিৰ দৰে প্রতিভাৱান খেলুৱৈসকলে বিশ্বকাপৰ দলত সুযোগ লাভৰ ক্ষেত্রত এই ভ্রমণ গুৰুত্বপূর্ণ বিবেচিত হোৱাৰ সম্ভাৱনা আছে বুলিও দ্রাবিড়ে উল্লেখ কৰে৷ উল্লেখ্য যে কাইলৈ কলম্বোত উপস্থিত হ’বলগীয়া দলটোৱে অহা ১৩ জুলাইৰ পৰা এদিনীয়া শৃংখলা আৰু ২১ জুলাইৰ পৰা টি–২০ শৃংখলা খেলিব৷

You might also like