নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সুদীর্ঘ ৪০ বছৰৰ পিছত ভাৰতত আই অ’ চিৰ অধিৱেশন

নিয়মীয়া বাৰ্তা, ২০ ফেব্ৰুৱাৰীঃ সুদীর্ঘ ৪০ বছৰৰ পিছত ভাৰতত অনুষ্ঠিত হ’ব আন্তর্জাতিক অলিম্পিক কমিটীৰ অধিৱেশন৷ ২০২৩ চনৰ আন্তর্জাতিক অলিম্পিক কমিটীৰ অধিৱেশনখন মুম্বাইত আয়োজন কৰাৰ স্বত্ব লাভ কৰিছে ভাৰতে৷ চীনৰ বেইজিঙত অনুষ্ঠিত ১৩৯সংখ্যক আই অ’ চিৰ অধিৱেশনত বিনা প্রতিদ্বন্দ্বিতাৰে মুম্বায়ে অহা বর্ষত আই অ’ চিৰ অধিৱেশনখন আয়োজন কৰাৰ স্বত্ব লাভ কৰে৷

উল্লেখ্য যে ইয়াৰ পূর্বে ১৯৮৩ চনত নতুন দিল্লীত ভাৰতে অন্তিমবাৰৰ বাবে আই অ’ চিৰ আয়োজন কৰিছিল৷ বেইজিঙত অনুষ্ঠিত আই অ’ চিৰ অধিৱেশনখনত ভাৰতীয় প্রতিনিধি মণ্ডলৰ হৈ ভাগ লয় ক্রমে অলিম্পিকত দেশৰ হৈ প্রথমটো ব্যক্তিগতভাৱে স্বর্ণপদক জয় কৰা অভিনৱ বিন্দ্রা, আই অ’ চিৰ সদস্যা নীতা আম্বানি, ভাৰতীয় অলিম্পিক সন্থাৰ সভাপতি নৰিন্দৰ বাট্রা আৰু যুৱ পৰিক্রমা আৰু ক্রীড়ামন্ত্রী অনুৰাগ ঠাকুৰে৷ অহা বর্ষত আই অ’ চিৰ অধিৱেশনখন মুম্বাইত আয়োজনৰ স্বত্ব লাভ কৰাত উৎফুল্লিত হৈ নীতা আম্বানিয়ে কয় যে সুদীর্ঘ ৪০ বছৰ প্রতীক্ষাৰ অন্তত ভাৰতলৈ অলিম্পিকৰ বাতাৱৰণ ঘূৰি অহাৰ পথত৷

২০২৩ চনত মুম্বাইত আই অ’ চিৰ অধিৱেশনখন ভাৰতক আয়োজন কৰাৰ দায়িত্ব অর্পণ কৰাৰ বাবে আই অ’ চিক ধন্যবাদ জনাইছোঁ আৰু এই অধিৱেশনখনৰ আয়োজনে ভাৰতীয় ক্রীড়াত এক নতুন যুগৰ সূচনা কৰিব বুলি আই অ’ চিৰ সদস্যা নীতাই মন্তব্য কৰে৷

You might also like