IPL ত ক’ৰোনা বিধি উপেক্ষা কৰি বলত লগালে থুই! বিতর্কত ৰবীন উথাপ্পা
নিয়মীয়া বাৰ্তা ১ অক্টোবৰঃ বেয়া দিন চলিছে প্ৰাক্তন ক্ৰিকেটাৰ তথা বৰ্তমান ৰাজস্থান ৰয়েলছৰ হৈ আইপিএলত অংশ লোৱা ৰবীন উথাপ্পাৰ। কিয়নো এটাৰ পাছত আনটো বিতৰ্কই লগ নেৰা হৈছে বৰ্ষীয়ান ক্ৰিকেটাৰগৰাকীক। বুধবাৰে আইপিএলৰ কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে এখন খেলত খেলুৱৈগৰাকীয়ে ক’ৰোনা বিধি ভাঙি জিভাত আঙুলি লগাই বলত থুই সনা কাৰ্যৰ পাছতে পুনৰবাৰ বিতৰ্কত সোমাই পৰিছে। কিয়নো ক’ভিড প্ৰ’টকল অনুসৰি আইচিচিয়ে কিছুদিন পূৰ্বে এই কাৰ্য নিষিদ্ধ বুলি ঘোষণা কৰিছিল।
উল্লেখ্যে যে ৩ কোটি টকাৰ বিনিময়ত ক্ৰিকেটাৰগৰাকীক ৰাজস্থানে কিনিছিল যদিও বিগত তিনিখন খেলত উল্লেখ্যনীয় পাৰদৰ্শিতা দেখুৱাৰ পৰা বিৰত আছে। বিপৰীতে বুধবাৰে কেকেআৰৰ সুনীল নাৰিনৰ এটা সুন্দৰ কেচ এৰি দিয়াৰ পাছত মুখৰ থুই বলত সনা দেখা গৈছিল উথাপ্পাক।
— Cow Corner (@CowCorner9) September 30, 2020