নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আই পি এলেৰে আৰম্ভ হ’ব ঘৰুৱা ছীজন!

নিয়মীয়া বাৰ্তা ৭ জুনঃ মহামাৰী ক’ৰোনা ভাইৰাছৰ প্রাদুর্ভাৱৰ বাবে অনির্দিষ্টকাললৈ স্থগিত হোৱা ঐশ্বর্যশালী টি–২০ লীগ আই পি এল চলিত বর্ষৰ অক্টোবৰত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা প্রবল হৈছে৷ সাধাৰণতে অক্টোবৰ–নৱেম্বৰত বিজয় হাজাৰে ট্রফী অথবা ৰঞ্জি ট্রফীৰে বি চি চি আয়ে দেশৰ ঘৰুৱা ক্রিকেট ছীজন আৰম্ভ কৰে যদিও এইবাৰ ব্যাপক সালসলনিৰ বাবে সাজু হৈছে বিশ্বৰ সবাতোকৈ ঐশ্বর্যশালী ক্রিকেট ব’ড বি চি চি আই৷ ব’ডৰ এক সূত্রই শনিবাৰে সদৰী কৰা অনুসৰি ভাৰতত মহামাৰী ক’ৰোনা ভাইৰাছৰ প্রাদুর্ভাৱ নিয়ন্ত্রণলৈ নহাৰ বাবে ব’ডৰ একাংশ বিষয়ববীয়াই আই পি এল বিদেশত আয়োজন কৰিবলৈ চিন্তা–চর্চা কৰিছে যদিও আন একাংশই আকৌ পলমকৈ হ’লেও ভাৰতৰ মাটিতে জনপ্রিয় টি–২০ লীগখন আয়োজনৰ ইচ্ছা ব্যক্ত কৰিছে৷ ব’ডৰ শীর্ষ বিষয়ববীয়াসকলেও আই পি এল ভাৰতৰ বাহিৰত আয়োজনৰ পক্ষপাতী নহয়৷ ব’ডৰ সূত্রটোৱে শনিবাৰে এই কথাও উল্লেখ কৰে যে বি চি চি আয়ে ঘৰুৱা ক্রিকেট প্রতিযোগিতাৰ সূচী সালসলনিৰে অক্টোবৰত আই পি এল আয়োজন কৰাৰ পূর্ণ সম্ভাৱনা আছে৷ দীর্ঘদিন ধৰি খেলুৱৈসকলে ক্রিকেটৰ পৰা আঁতৰি থকাৰ পিছত আই পি এলৰ দৰে বিনোদনধর্মী টি–২০ লীগত খেলি তেওঁলোক আন্তঃৰাষ্ট্রীয় আৰু এদিনীয়া আৰু টেষ্ট মেচৰ বাবে সাজু হ’ব পাৰিব বুলি ব’ডৰ শীর্ষ মহলে মতপোষণ কৰিছে৷ ইফালে, টীম ইণ্ডিয়াৰ যুৱ বেগী বলাৰ তথা চেন্নাই ছুপাৰ কিংছৰ নিয়মীয়া খেলুৱৈ দীপক চহৰ আৰু কলকাতা নাইট ৰাইডার্ছৰ হৈ খেলা টীম ইণ্ডিয়াৰ তাৰকা স্পীনাৰ কুলদীপ যাদৱেও আই পি এলৰ জৰিয়তে ভাৰতীয় ক্রিকেটৰ প্রত্যাৱর্তনৰ আশা কৰিছে৷ ‘দীর্ঘদিনৰ বিৰতিৰ মূৰত আন্তঃৰাষ্ট্রীয় ক্রিকেটলৈ প্রত্যাৱর্তন ঘটোৱাটো প্রতিগৰাকী খেলুৱৈৰ বাবে প্রত্যাহ্বানজনক হ’ব৷ আন্তঃৰাষ্ট্রীয় মেচৰ পূর্বে আই পি এলৰ দৰে টি–২০ লীগত অংশ ল’ব পাৰিলে এয়া আমাৰ বাবে উপযুক্ত ৱার্মআপ হ’ব৷ ডিচেম্বৰৰ অষ্ট্রেলিয়া ভ্রমণৰ বাবেও আই পি এলে ভাৰতীয় খেলুৱৈসকলৰ আত্মবিশ্বাস ওভতাই আনিব পাৰিব৷ বিশ্বৰ ক্রিকেট জগতলৈ পুনৰ উন্মাদনা কঢ়িয়াই অনাৰ ক্ষেত্রত আই পি এল উৎকৃষ্ট মঞ্চ হ’ব পাৰে৷’ –কুলদীপ যাদৱে এইদৰে কয়৷ উল্লেখ্য যে অক্টোবৰ–নৱেম্বৰত অষ্ট্রেলিয়াত অনুষ্ঠিত হ’বলগীয়া আই চি চি টি–২০ বিশ্বকাপ স্থগিত হ’লে উক্ত সময়ছোৱাত আই পি এল পাতিবলৈ সাজু বুলি ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডে ইতিমধ্যে ঘোষণা কৰিছে৷ অহা ১০ জুনত ক্রিকেট অষ্ট্রেলিয়া আৰু আই চি চিয়ে টি–২০ বিশ্বকাপৰ বিষয়ে চূড়ান্ত ঘোষণা কৰিব৷

You might also like