নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উদ্বোধনী মেচত চেন্নাই ছুপাৰ কিংছ–কলকাতা নাইট ৰাইডার্ছ

নিয়মীয়া বাৰ্তা, ৭ মাৰ্চঃ ৰণশিঙা বাজিল ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ৰ্ডৰ ঐশ্বর্যশালী টি–২০ ক্রিকেট প্রতিযোগিতা ইণ্ডিয়ান প্রিমিয়াৰ লীগৰ৷ অহা ২৬ মার্চৰ পৰা আৰম্ভ হ’বলগীয়া আই পি এলৰ পঞ্চদশ সংস্কৰণটোৰ সময়সূচী দেওবাৰে ঘোষণা কৰিছে ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডে৷ প্রথমবাৰৰ বাবে ১০টা দলৰ মাজত অনুষ্ঠিত হ’বলগীয়া প্রতিযোগিতাখনৰ ২৬ মার্চৰ উদ্বোধনী মেচখনত চাৰিবাৰৰ চেম্পিয়ন চেন্নাই ছুপাৰ কিংছে কলকাতা নাইট ৰাইডার্ছৰ বিপক্ষে প্রতিদ্বন্দ্বিতা আগবঢ়াব৷ মেচখন মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত নিশা ৭.৩০ বজাত অনুষ্ঠিত হ’ব৷ মুম্বাই আৰু পুনেৰ চাৰিটা স্থানত অনুষ্ঠিত হ’বলগীয়া ব’ৰ্ডৰ ঐশ্বর্যশালী টি–২০ প্রতিযোগিতাখনৰ ফাইনেল মেচখন ২৯ মে’ত অনুষ্ঠিত হ’ব৷ ১০টা দলক দুটা গ্রুপত ভাগ কৰা হৈছে আৰু এই দলকেইটাৰ মাজত ৭০খন লীগ মেচ অনুষ্ঠিত হ’ব৷ লীগ পর্যায়ত প্রতিটো দলেই ১৪খন মেচত ভাগ ল’ব৷

ইফালে পাঁচবাৰৰ চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছে ২৭ মার্চত দিল্লী কেপিটেলছৰ বিপক্ষে খেলি প্রতিযোগিতাখনত অভিযান আৰম্ভ কৰিব৷ এইবাৰৰ আই পি এলত মুঠ ১২খন ডাবল হেডার্ছ মেচ অনুষ্ঠিত হ’ব৷ উল্লেখ্য যে ডাবল হেডার্ছৰ প্রথমখন মেচ বিয়লি ৩.৩০ বজাত অনুষ্ঠিত হোৱাৰ বিপৰীতে দ্বিতীয়খন মেচ নিশা ৭.৩০ বজাত অনুষ্ঠিত হ’ব৷ উল্লেখ্য যে এইবাৰৰ আই পি এলত নতুনকৈ অন্তর্ভুক্ত হোৱা দল দুটা হ’ল গুজৰাট টাইটানছ আৰু লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ৷

You might also like