নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২০২২লৈ আইপিএল খেলিব ধোনীয়ে

নিয়মীয়া বাৰ্তা ১২ আগষ্টঃ টীম ইণ্ডিয়াৰ প্রাক্তন অধিনায়ক মহেন্দ্র সিং ধোনীৰ নেতৃত্ব–দক্ষতাৰ ওপৰত অগাধ বিশ্বাস আছে চেন্নাই ছুপাৰ কিংছৰ৷ ২০২২ পর্যন্ত ধোনীক লৈ তেওঁলোক চিন্তিত নহয়৷ –এই মন্তব্য আগবঢ়াইছে চেন্নাই ছুপাৰ কিংছৰ চি ই অ’ কাশী বিশ্বনাথে৷ ইউএইত অহা ১৯ ছেপ্ঢেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া আইপিএললৈ সাজু হোৱা দলটোৰ শীর্ষ বিষয়াগৰাকীয়ে এই কথাও উল্লেখ কৰে যে ধোনী নিজৰ দায়িত্বক লৈ সদায় সচেষ্ট আৰু তেওঁ দল আৰু নিজৰ প্রদর্শন উন্নত কৰিবলৈ সংকল্পবদ্ধ৷ উল্লেখ্য যে বিগত বর্ষৰ আইচিচি এদিনীয়া বিশ্বকাপৰ ছেমিফাইনেলৰ পৰা ভাৰতীয় দলৰ জার্ছী পৰিধান নকৰা ধোনীৰ কেৰিয়াৰক লৈ শেহতীয়াকৈ বিভিন্ন চর্চা অব্যাহত আছে৷ ধোনীয়ে ইতিমধ্যে কেৰিয়াৰৰ শ্রেষ্ঠ সময় অতিক্রম কৰিছে বুলি একাংশই ব্যক্ত কৰাৰ বিপৰীতে আন একাংশই আকৌ ধোনীক ভাৰতীয় দলত পুনৰ স্থান দিয়াৰ পক্ষত মাত মাতি আহিছে৷ ৩৯ বছৰত ভৰি দিয়া তাৰকা উইকেটৰক্ষকগৰাকীৰ্ বাবে এইবাৰৰ আইপিএল অন্তিমখন আইপিএল হ’ব বুলিও মত পোষণ কৰিছে৷ কিন্তু চেন্নাই ছুপাৰ কিংছৰ চিই’ কাশী বিশ্বনাথৰ ধোনী বন্দনাই মাহীৰ অনুৰাগীসকলক আনন্দিত কৰি তুলিছে৷ মন কৰিবলগীয়া যে ধোনীৰ নেতৃত্বত চেন্নাই ছুপাৰ কিংছে এইপর্যন্ত তিনিবাৰ আইপিএলত চেম্পিয়ন হৈছে৷

You might also like