নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আই পি এলত উপস্থিত থাকিব দর্শক

নিয়মীয়া বাৰ্তা, ১ জুনঃ মহামাৰী ক’ভিড–১৯ৰ প্রকোপৰ বাবে আধাতে বন্ধ হোৱা আই পি এলৰ বাকী থকা ৩১খন মেচত দর্শকৰ উপস্থিতি দেখিবলৈ পোৱাৰ সম্ভাৱনা আছে৷ ভাৰতৰ পৰিৱর্তে ইউ এ ইত আই পি এলৰ অৱশিষ্ট মেচকেইখন পাতিবলৈ সাজু হোৱা বি চি চি আইৰ এক সূত্রই আজি এই কথা জানিবলৈ দিছে৷ ইউ এ ই চৰকাৰে আই পি এলৰ মেচৰ সময়ত ষ্টেডিয়ামত ৫০ শতাংশ দর্শকক প্রৱেশৰ অনুমতি দিব বুলি উল্লেখ কৰি ব’ৰ্ডৰ সূত্রটোৱে কয় যে এই বিষয়ত বিস্তৃতভাৱে আলোচনা কৰিবলৈ ব’ডৰ এক প্রতিনিধি দল  ডুবাইত উপস্থিত হৈছে৷

ইউ এ ই চৰকাৰ আৰু ক্রিকেট ব’ডৰ সৈতে আই পি এল আয়োজনৰ সকলো বিষয় চূড়ান্ত কৰিবলৈ তেওঁলোকে বুধবাৰে গুৰুত্বপূর্ণ বৈঠকত মিলিত হ’ব৷ ব’ডৰ সচিব জয় শ্বাহ, কোষাধ্যক্ষ অৰুণ সিং ধুমাল, উপ–সভাপতি ৰাজীৱ শুক্লা ইতিমধ্যে ডুবাইত উপস্থিত হৈছে আৰু মঙলবাৰে পুৱাই সৌৰভ গাংগুলী চহৰখনত উপস্থিত হোৱাৰ কথা আছে৷

উল্লেখ্য যে ব’র্ডে এইপর্যন্ত আই পি এলৰ বাকী থকা মেচসমূহৰ সূচী আনুষ্ঠানিকভাৱে ঘোষণা কৰা নাই যদিও ১৯ ছেপ্ঢেম্বৰৰ পৰা ১০ অক্টোবৰলৈ প্রতিযোগিতাখন অনুষ্ঠিত হোৱাটো একপ্রকাৰ নিশ্চিত৷ ডুবাইৰ পৰা উভতি আহি বি চি চি আইৰ মুৰব্বী গাংগুলীয়ে আই পি এলৰ সম্পূর্ণ সূচী ঘোষণা কৰাৰ সম্ভাৱনা আছে৷

You might also like