নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আই পি এল: ২০ হাজাৰ ক’ভিড টেষ্ট কৰিব ব’র্ডে

নিয়মীয়া বাৰ্তা, ২৭ আগষ্টঃ আই পি এলৰ সময়ছোৱাত ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডে ২০ হাজাৰৰো অধিক ক’ভিড টেষ্ট সম্পন্ন কৰিব৷ ব’ডৰ ঐশ্বর্যশালী টি–২০ লীগৰ পাঁচ দিনৰ মূৰে মূৰে সকলো খেলুৱৈ, দলৰ বিষয়ববীয়া আৰু ফ্রেনচাইজীৰ বিষয়ববীয়াৰ ক’ভিড টেষ্ট সম্পন্ন কৰা হ’ব৷ ইয়াৰ বাবে ব’র্ডে ভি পি এছ হেলথ কেয়াৰ নামৰ এটা কোম্পানীক অফিচিয়েল ক’ভিড–১৯ টেষ্টিং এজেঞ্চী হিচাপে দায়িত্ব অর্পণ কৰিছে৷

উল্লেখ্য যে অহা ১৯ ছেপ্ঢেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া আই পি এলৰ বাবে ইউ এ ইত উপস্থিত হোৱাৰ প্রথম ছদিনৰ ভিতৰত প্রতিগৰাকী খেলুৱৈ, বিষয়ববীয়া আৰু ছাপ’ট ষ্টাফৰ ক’ভিড টেষ্ট সম্পন্ন কৰা হৈছে৷

You might also like