নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চীয়ের্ছ লীডার্ছৰ নৃত্যৰ বাবে আফগানিস্তানত আইপিএল নিষিদ্ধ

নিয়মীয়া বাৰ্তা ২১ ছেপ্টেম্বৰঃ ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ডৰ ঐশ্বর্যশালী টি–২০ প্রতিযোগিতা ইণ্ডিয়ান প্রিমিয়াৰ লীগৰ দ্বিতীয় লেগৰ মেচ দেওবাৰৰ পৰা সংযুক্ত আৰব আমীৰ শ্বাহীত আৰম্ভ হৈছে৷ সমগ্র বিশ্বৰ অনুৰাগীয়ে জনপ্রিয় টি–২০ প্রতিযোগিতাখনৰ মেচৰ আমেজ লৈছে যদিও আফগানিস্তানৰ আনুৰাগী আই পি এলৰ মেচ উপভোগৰ পৰা বঞ্চিত হৈছে৷

কিয়নো, তালিবানে আফগানিস্তানত নিষিদ্ধ কৰিছে আই পি এল৷ বন্দুকৰ নলীৰে আফগানিস্তানৰ শাসনভাৰ দখল কৰা তালিবানে বি চি চি আইৰ ঐশ্বর্যশালী টি–২০ প্রতিযোগিতাখনৰ সম্প্রচাৰ নিষিদ্ধ কৰিছে৷

দেশখনৰ জনপ্রিয় ক্রিকেটাৰ ৰশ্বিদ খান, মহম্মদ নবী আৰু মুজিব–উৰ ৰহমানে প্রতিযোগিতাখনত অংশগ্রহণ কৰিছে যদিও তালিবানে আই পি এলৰ বিষয়বস্তু ইছলামবিৰোধী বুলি মন্তব্য কৰিছে৷ সেয়েহে আফগানিস্তানত প্রতিযোগিতাখনৰ সম্প্রচাৰ বন্ধ কৰা হৈছে৷ মেচৰ সময়ছোৱাত আউলি–বাউলি চুলিৰে চীয়েৰ লীডার্ছে কৰা নৃত্য ইছলামিক সংস্কৃতিৰ পৰিপন্থী বুলি মন্তব্য কৰে তালিবানে৷

You might also like