নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১০ নৱেম্বৰত আইপিএলৰ ফাইনেল: ব’র্ড

নিয়মীয়া বাৰ্তা, ৩ আগষ্টঃ  ভাৰতত মহামাৰীৰ প্রাদুর্ভাৱৰ বাবে ইউনাইটেড আৰব এমিৰেটছলৈ স্থানান্তৰিত হোৱা আই পি এল অহা ১৯ ছেপ্ঢেম্বৰৰ পৰা ১০ নৱেম্বৰলৈ অনুষ্ঠিত হ’ব৷ ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডে ইয়াৰ গুৰুত্বপূর্ণ গৱর্নিং কাউঞ্চিলৰ বৈঠকৰ অন্তত এই কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে৷ ব’ডৰ সূত্রই সদৰী কৰা অনুসৰি ঐশ্বর্যশালী টি–২০ লীগখনৰ নিশাৰ মেচসমূহ ভাৰতীয় সময় অনুসৰি ৭.৩০ বজাৰ পৰা আৰম্ভ হ’ব৷ একেদৰে মুঠ ১০ দিন দুখনকৈ মেচ খেলোৱা হ’ব৷

ইফালে, পূর্বে প্রকাশ কৰা ৮ নৱেম্বৰৰ পৰিৱর্তে প্রতিযোগিতাখনৰ ফাইনেল মেচখন ১০ নৱেম্বৰতহে খেলোৱা হ’ব৷ ইয়াৰ ফলত আই পি এল আৰু এসপ্তাহলৈ দীঘলীয়া হোৱাটো নিশ্চিত হ’ল৷ সাধাৰণতে আই পি এলৰ ইতিহাসত প্রতিবাৰেই ফাইনেল মেচখন দেওবাৰে খেলোৱা হয় যদিও এইবাৰ প্রথমবাৰৰ বাবে মঙলবাৰে আই পি এলৰ ফাইনেল অনুষ্ঠিত হ’ব৷ ‘প্রথমবাৰৰ বাবে আমি আই পি এলৰ ফাইনেল সপ্তাহৰ ব্যস্ত দিনত আয়োজনৰ সিদ্ধান্ত লৈছোঁ৷ অর্থাৎ ৮ নৱেম্বৰৰ পৰিৱর্তে ১০ নৱেম্বৰতহে আই পি এলৰ ফাইনেল মেচখন অনুষ্ঠিত হ’ব৷ খেলুৱৈৰ ভ্রমণ আৰু জৈৱিকভাৱে সুৰক্ষিত পৰিৱেশ বর্তাই ৰখাৰ প্রতি লক্ষ্য ৰাখি মেচৰ মাজৰ ব্যৱধান বৃদ্ধি কৰিবলৈ এই সিদ্ধান্ত গ্রহণ কৰা হৈছে৷’

ব’ডৰ সূত্রটোৱে এইদৰে কয়৷ ইফালে, ভাৰতত এতিয়ালৈকে অনুষ্ঠিত আই পি এলৰ নিশাৰ মেচসমূহ ৮ বজাৰ পৰা আৰম্ভ হৈছিল যদিও এইবাৰ ৭.৩০ বজাৰ পৰা আৰম্ভ হ’ব৷ একেদৰে দিনৰ মেচসমূহ ৩.৩০ বজাৰ পৰা খেলোৱা হ’ব৷ সন্ধিয়াৰ মেচসমূহ এইদৰে আধা ঘণ্টা আগুৱাই অনাৰ কাৰণ সন্দর্ভত ব’র্ডে এতিয়ালৈকে কোনো কথা প্রকাশ কৰা নাই৷ ইফালে, আই পি এলৰ সময়ছোৱাত ষ্টেডিয়ামত দর্শকৰ উপস্থিতি সন্দর্ভত ব’র্ডে প্রকাশ কৰিছে যে বিষয়টো এমিৰেটছ ক্রিকেট ব’ডৰ সৈতে আলোচনাৰ অন্ততহে চূড়ান্ত সিদ্ধান্ত গ্রহণ কৰা হ’ব৷ ‘খেলুৱৈসকলক উৎসাহিত কৰিবলৈ কমসংখ্যক দর্শকক প্রৱেশৰ অনুমতি দিব পাৰিলেও আমাৰ বাবে সু–সংবাদ হ’ব৷ দর্শকৰ উপস্থিতিত খেলুৱৈসকলে যি ধৰণৰ উৎসাহ–উদ্দীপনা লাভ কৰে, সেয়া দর্শকশূন্য ষ্টেডিয়ামত খেলুৱৈসকলে অনুভৱ নকৰিব৷ অৱশ্যে খেলুৱৈ আৰু দর্শকৰ স্বাস্থ্য সুৰক্ষাৰ প্রতি লক্ষ্য ৰাখিহে সিদ্ধান্ত গ্রহণ কৰা হ’ব৷ এই বিষয়ত আমি এমিৰেটছ ক্রিকেট ব’ডৰ সৈতে আলোচনা অব্যাহত ৰাখিছোঁ৷’ ব’ডৰ সূত্রটোৱে লগতে এইদৰে কয়৷ ব’র্ডে পুনৰ জানিবলৈ দিয়ে যে আই পি এল ইউ এ ইত আয়োজন কৰিবলৈ তেওঁলোকে ক্রীড়া মন্ত্রালয়ৰ পৰা অনুমতি লাভ কৰিছে আৰু প্রতিটো দলে খেলুৱৈসকলৰ ভিছাৰ ব্যৱস্থা আৰম্ভ কৰিব পাৰে৷

You might also like