নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আই পি এলঃ ১০ দলক দুটা গ্রুপত বিভক্ত; প্রতিটো দলে খেলিব ১৪খনকৈ মেচ

নিয়মীয়া বাৰ্তা, ২৬ ফেব্ৰুৱাৰীঃ দীর্ঘ প্রতীক্ষাৰ অন্ত পেলাই ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডে আগন্তুক আই পি এলৰ সূচী ঘোষণা কৰিছে৷ যোৱানিশা অনুষ্ঠিত গৱর্নিং কাউঞ্চিলৰ বৈঠকত চূড়ান্ত কৰা সূচী অনুসৰি অহা ২৬ মার্চৰ পৰা ২৯ মে’লৈ মুম্বাই আৰু পুনেত আই পি এলৰ গ্রুপ পর্যায়ৰ মেচসমূহ অনুষ্ঠিত হ’ব৷ মুম্বায়ে ৫৫খন আৰু পুনেই ১৫খন মেচ আয়োজন কৰিব৷ মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়াম, ব্রেব’ন ষ্টেডিয়াম, নভী মুম্বাইৰ ডি ৱাই পাটিল ষ্টেডিয়াম আৰু পুনেৰ গাহুঞ্জে ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া প্রতিযোগিতাখনত প্রায় ৪০ শতাংশ দর্শকক ষ্টেডিয়ামত প্রৱেশৰ অনুমতি দিয়া হ’ব বুলি ব’র্ডে জানিবলৈ দিছে৷

ইফালে, দুটা নতুন দলৰ অন্তর্ভুক্তিৰ প্রতি লক্ষ্য ৰাখি বিচিচিআয়ে এইবাৰ মুঠ দহটা দলক দুটা গ্রুপত বিভক্ত কৰিছে৷ ব’র্ডে আজি প্রকাশ কৰা অনুসৰি গ্রুপ ‘এ’ত অন্তর্ভুক্ত হৈছে মুম্বাই ইণ্ডিয়ানছ, কলকাতা নাইটৰাইডার্ছ, ৰাজস্থান ৰয়েলছ, দিল্লী কেপিটেলছ আৰু লক্ষ্ণৌ ছুপাৰজায়েণ্টছ৷ একেদৰে গ্রুপ ‘বি’ত স্থান পাইছে চেন্নাই ছুপাৰ কিংছ, ছানৰাইজার্ছ হায়দৰাবাদ, ৰয়েল চেলেঞ্জার্ছ বাংগালুৰু, পঞ্জাৱ কিংছ আৰু গুজৰাট টাইটানছ৷ প্রতিটো দলে নিজৰ গ্রুপৰ অন্য দলসমূহৰ সৈতে দুখনকৈ আৰু আনটো গ্রুপৰ প্রতিটো দলৰ সৈতে এখনকৈ মেচ খেলিব৷ এইদৰে প্রতিটো দলে আগন্তুক আই পি এলত ১৪খনকৈ মেচ খেলিব৷ উল্লেখ্য যে ৮টা দলৰ উপস্থিতিত প্রতিবছৰে আই পি এলত প্রতিটো দলে পৰস্পৰৰ বিৰুদ্ধে দুখনকৈ অর্থাৎ সমগ্র প্রতিযোগিতাখনত ১৪খন মেচ খেলিবলগীয়া হৈছিল৷

মন কৰিবলগীয়া যে মহামাৰী ক’ভিড–১৯ৰ প্রাদুর্ভাৱৰ বাবে যোৱা দুটা বছৰ আই পি এল আয়োজনত বিচিচিআই তীব্র প্রত্যাহ্বানৰ সন্মুখীন হৈছিল৷ ২০২০ত ঐশ্বর্যশালী টি–২০ লীগ ইউ এ ইলৈ স্থানান্তৰিত হৈছিল যদিও ২০২১ত ব’র্ডে ভাৰতৰ মাটিত আই পি এল আয়োজন কৰে৷ কিন্তু মার্চৰ মাজভাগত ক’ভিডৰ প্রাদুর্ভাৱ হঠাতে বৃদ্ধি পোৱাত বিচিচিআই বিপাঙত পৰে আৰু প্রতিযোগিতাখন আধাতে বন্ধ কৰিবলগীয়া হয়৷ পৰৱর্তী সময়ত আই পি এল–২০২১ ইউ এ ইত সফলতাৰে সম্পন্ন হয়৷

You might also like